
💐”ক’লা আঙুৰৰ থোকৰ দৰে
আন্ধাৰ আন্ধাৰৰ দ্বাৰাই বিস্মিত।
কোনে খন্তি মাৰিব পাৰে
মোৰ ড্ৰয়িং ৰূমত?
খিৰিকিয়ে
যাৰে দেখোঁ
গধূলিৰ কেৰাচিন নিবলৈ আহি ক’ইটিলা
আমাৰ ফুলৰ বাগানৰ কাষেৰে। “💐
অলকেশ কলিতাৰ পঞ্চম কাব্যপুথি —‘পৰাস্মৃতি’। ৭২ টা মননশীল কবিতাৰ সংকলনটি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
কবিগৰাকীৰ কবিতা সম্পৰ্কে জ্যোতি খাটনিয়াৰে কৈছে —“অলকেশে বাছি লোৱা জগতখন স্মৃতিৰ পৰা আহৃত। কবিতাৰ এটা বিখ্যাত সংজ্ঞাই হ’ল—“Emotion recollected in tranquility. ” কবিতাক লৈ অলকেশে চিন্তা কৰিছে। তেওঁ ইয়াক ‘শুদ্ধ চৈতন্যৰ উদ্ভাৱন’ বুলি ভবা নাই। তেওঁৰ কবিতাৰ মানুহখিনি তেজ-মঙহৰ, সুখৰ-দুখৰ, উদ্যম আৰু যন্ত্ৰণাক্লিষ্ট বাকাবৰণৰ সৈতে সাঙোৰ খাই থকা মানুহ। সেইবাবে পৰীক্ষাৰ নানান গণ্ডী অতিক্ৰমিও অলকেশে কাব্যিক ভাবনাৰ বাবে তৈয়াৰ কৰি লোৱা কাব্য ভাষা প্ৰাণৱন্ত আৰু মজ্জাগত উপলব্ধিৰে সংপৃক্ত। “
“কওঁ তোমাক আকৌ এবাৰ সেই যে কৈছিলোঁ
এই ঋতুচক্ৰৰ কথাকে পুনৰ:
যোৱাবেলি
ধুমুহাৰ পাছত মাজৰাতি নিতাল মাৰোঁতে।
যদিও সকলোতে সোঁৱৰণি লাগি আছে
হাতৰ আঙুলিবোৰ তোমাৰ
মই আগতেও চুইছোঁ। “
পুথিখনৰ নাম —‘পৰাস্মৃতি’। কবিৰ একাষাৰত অলকেশ কলিতাই কৈছে—“সোঁৱৰণি যেতিয়া এক মেণ্টেল ফেকাল্টিলৈ পৰিৱৰ্তিত হয়, তেনে এক মনোৱস্থাৰ প্ৰতিনিধিত্ব কৰিছে ‘পৰাস্মৃতি’ নামটোৱে। কেতিয়াবা ক’ৰবাত গম নোপোৱাকৈ শৰীৰৰ কোনো অংগত খুন্দা-খুন্দলি খাই তিনি চাৰিদিনমান পাছত যেতিয়া সেই ঠাইত ৰিম্ ৰিম্ বিষ এটা আৱিষ্কাৰ হয়, সেই বিশেষ বিষটো মোৰ কিবা উপভোগ্য যেন লাগে, মাজে মাজে এনেই হেঁচুকি-বিদাৰি মজা লওঁ। সোঁৱৰণ কাতৰতাৰ মাজতে তেনে এক মজা মই লৈছোঁ এই সংকলনৰ প্ৰায়ভাগ কবিতা লিখোঁতে।”
কবিগৰাকীৰ এই স্মৃতি-বিলাসিতাই পাঠককো তৃপ্ত কৰিব—
“জটিল সোঁৱৰণিৰ হিচাপ লগোৱাত মই তাক ব্যস্ত কৰি দিওঁ
আন আৰু উত্তৰ নাই বিবেকৰ।
বন্দী হৈ ৰৈ গ’লোঁ যিদৰে এক অনাদি বৃত্তান্তৰ।
কালে মাথোঁ অভ্যাগতৰহে মুখলৈ চায়
আৰু দ গাঁত খান্দে প্লাষ্টিকৰ আৱৰ্জনাৰ বাবে।
যাতে মই নতুনকৈ অহা কোনো নহওঁ কাহানিও
প্ৰতি পুৱা চকু মোহাৰি দাতোন কৰি। “
কবিয়ে লগতে আকৌ কৈছে, “মই কেৱল নিজৰ কথাবোৰ ক’বলৈকে এইবোৰ লিখা নাই চাগে! “নিশ্চিতভাৱে, পঢ়়ুৱৈসকলেও কবিতাসমূহৰ মাজত নিজৰ কথাবোৰকে বিচাৰি পাব।
পৰাস্মৃতি
অলকেশ কলিতা
পূৰ্বায়ণ প্ৰকাশন
দাম ১৬০ টকা

