💐💐💐ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ💐💐💐

লেখিকা : ড০ চন্দনা শৰ্মা

প্ৰথম প্ৰকাশ : ২০২১

প্ৰকাশন: পৰিবেশ নিৰীক্ষণ আৰু পৰিচালনা সংস্থা

মূল্য: ২৫০.০০ টকা

ISBN : 9788192305233

💐ড০ চন্দনা শৰ্মাৰ সদ্য প্ৰকাশিত পাঁচখন দেশৰ ভ্ৰমণৰ অভিজ্ঞতাপুষ্ট এখন মনপৰশা গ্ৰন্থ— “ভ্ৰমণ : থাইলেণ্ড, ইউৰোপ”।💐

১৮৪ পৃষ্ঠাজোৰা গ্ৰন্থখনত ইউৰোপ মহাদেশৰ পেৰিচ, জেনেভা, গ্লেচিয়াৰ-3000, জংফ্ৰোজোচ, লুচাৰ্ণ চহৰ, অষ্ট্ৰিয়াৰ ৱাটেনছ, ইন্সব্ৰুক ভিয়েনা, লিখটেনষ্টেইনৰ ভাদুজ, ইটালিৰ ভেনিচ, পিছা, ফ্লোৰেনচ, ৰোম মহানগৰী, ৰোমৰ ট্ৰেভি ফাউন্টেইন , ভটিকান চিটিৰ ছেইন্ট পিটাৰ বেচিলিকা আৰু চিষ্টাইন চেপেল আদি পৰ্যটকৰ আকৰ্ষণ স্থলীসমূহৰ প্ৰতিচ্ছবি বিতংভাৱে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হৈছে l

সেইদৰে থাইলেন্ডৰ পাতায়া চহৰ, পাতায়া বীচ্চ, ছাফাৰি ৱৰ্ল্ড মেৰাইন পাৰ্ক, ফ্ল’টিং মাৰ্কেট আদি ঠাইসমূহৰ প্ৰতিচ্ছবি তুলি ধৰা হৈছে l

আকৰ্ষণীয় বেটুপাত, পৰ্যটন থলীসমূহৰ স্থিৰচিত্ৰৰ লগতে নিভাঁজ শব্দশৈলী আৰু সৰল বৰ্ণনাৰে গ্ৰন্থখন লেখিকাই অধিক সুখপাঠ্য কৰি তুলিছে বুলি ভবাৰ যথেষ্ট অৱকাশ আছে।

💐আমি আশাবাদী।

ড০ চন্দনা শৰ্মাৰ উক্ত গ্ৰন্থখনে পাঠক-পাঠিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বৰ্ধনত যথেষ্ট অৰিহণা আগবঢ়াব।💐

Leave a Reply

Your email address will not be published. Required fields are marked *