
💐শ্ৰদ্ধাৰ লেখিকা কুমকুম শৰ্মাবৰুৱা বাইদেউৰ কথাৰে আহকচোন পঢ়োঁ..💐
💐💐💐বৰফৰ বেলি💐💐
মণিকুন্তলা ভট্টাচাৰ্য
মণিকুন্তলা ভট্টাচাৰ্য অসমীয়া সাহিত্য জগতত এটি পৰিচিত নাম। তেখেতৰ ‘ বৰফৰ বেলি’ নামৰ ‘ভৱানী শৰ্মা স্মাৰক চুটিগল্প গ্ৰন্থ বঁটা’ লাভ কৰা গল্প সংকলনখন পঢ়ি বৰ ভাল পালোঁ। ২২ টি আটকধুনীয়া গল্প সংকলনখনিত সন্নিবিষ্ট হৈছে। প্ৰতিটো গল্পই মানৱ জীৱনৰ একোটি দিশ উন্মোচন কৰিছে। কোনোটো গল্পত দয়া, ক্ষমা যদি কোনোটো গল্পত ধৰিব নোৱাৰা চতুৰালিৰ কথা প্ৰকাশ পাইছে।
নোমটেঙৰ চৰিত্ৰ কিছুমানে অভিনয় কৰি নিজকে সমাজত নিকা ব্যক্তি বুলি যেনেদৰে তিষ্ঠি আছে তেনেদৰে সঁচা নিকা চৰিত্ৰৰ লোক ষড়যন্ত্ৰৰ বলি হৈ মাৰ খাই মৃত্যুমুখত পৰিবলগা হৈছে। তেখেতৰ বৰ্ণনাত এইবোৰ চৰিত্ৰ অতি সুন্দৰভাৱে ফুটি উঠিছে। পুত্ৰশোকত দগ্ধ এগৰাকী মাতৃয়ে কেনেকৈ মৃত্যু হোৱাৰ পিছতো পুত্ৰ আহিব বুলি প্ৰতীক্ষা কৰি বাটলৈ চাই থাকে তাক ‘প্ৰতীক্ষা’ গল্পত হৃদয় চুই যোৱাকৈ বৰ্ণনা কৰিছে।
মানৱ জীৱনৰ অন্তৰ্ভাগত ঘটি থকা দন্দবোৰ লেখিকাই অতি সুন্দৰভাৱে ফুটাই তুলিব পাৰিছে। প্ৰেম মানে অকল দেহজ প্ৰেমকেই বুজোৱা এচাম তথাকথিত ভদ্ৰলোকৰ পৰাযে কিছু দূৰত্ব বজাই ৰখা প্ৰয়োজন আৰু উৎসাহিত কৰা বন্ধুবোৰক দেহজ প্ৰেমিকৰ দৃষ্টিৰে চোৱা এচামৰ পৰাওযে বিপদ নজনাকৈ ৰৈ থাকে তাৰো সুন্দৰ বৰ্ণনা আছে তেখেতৰ গল্পত।
কিতাপখনে মোক ইমানেই মোহাৱিষ্ট কৰি ৰাখিছিল যে একেৰাহে পঢ়ি শেষ নকৰালৈকে মই শান্তি পোৱা নাছিলোঁ। মাজুলীৰ কাহিনীৰে গা সিৰসিৰাই যোৱা গল্প ‘নীলা জোতা’ অতি সুন্দৰ গল্প । জনাথন-জনাথন নামৰ সেই সৎ ডাক্তৰজনৰ কি দশা কৰিলে পাব্লিকে, উস্ ভাবিব নোৱাৰি।
প্ৰতিটো গল্পই অতি সুমধুৰ ,য’ত আৰম্ভণি আৰু শেষখিনি কোনোমতেই পাহৰিব নোৱাৰি। এনেকুৱা সুন্দৰ এখনি গল্প সংকলন উপহাৰ দিয়াৰ বাবে ভট্টাচাৰ্যলৈ নমস্কাৰ জনাইছোঁ।
বৰফৰ বেলি
মণিকুন্তলা ভট্টাচাৰ্য
পৃষ্ঠা-১৯৭
মূল্য-১২০.০০ টকা
©কুমকুম শৰ্মাবৰুৱা।

