💐💐লেখিকা অসমী গগৈ বাইদেউৰ কথাৰে আহকচোন পঢ়োঁ….💐💐

💐💐💐💐দ্যা লায়ন্স আৰ্মি💐💐💐💐

অসমৰ সাহিত্য জগতত দেবেন্দ্ৰ নাথ আচাৰ্যৰ “কালপুৰুষ”ৰ পাছত বুৰঞ্জী আৰু কল্পনাৰ সমাহাৰত কিমান সংখ্যক অসমীয়া উপন্যাস ৰচিত হৈছে আমাৰ জ্ঞাত নহয়।

কিন্ত মোৰ মতে সেইখন কালজয়ী উপন্যাসৰ পাছত এনে ধাৰাৰ মনক চুই যাব পৰা নিখুত উপন্যাস খনেই হৈছে ৰামানুজ গোস্বামীৰ “দ্যা লায়ন্স আৰ্মি”।

আপুনি যদি সোধে ‘কি আছে ইয়াত?’

মই কম……কি নাই এইখন গ্ৰন্থত!!

কল্পনা, বুৰঞ্জী, ভূগোল ,ৰাজনীতি, কুটনীতি ,সামাজিক পৰিবেশ পৰিস্থিতি,
আপোনাৰ চিনাকি চৰিত্ৰ, ঠাই আৰু ঘটনা, পৰিঘটনাৰ মাজেৰে আপুনি গম নোপোৱাকৈয়ে কৰবাৰ পৰা কৰবাত উপস্থিত হবগৈ।

আপুনি যাত্ৰা কৰিব পাৰিব চন্দ্ৰকান্ত সিংহৰ দিনৰ গৌৰৱেৰে গৌৰৱাণ্বিত হৈ হীৰকজ্যোতি মহন্তৰ দিনলৈকে —- মণিৰাম দেৱান হাতত ধৰি পাবগৈ খৰ্গেশ্বৰ তালুকদাৰক……

আপুনি মই নজনা এষাৰ কথা কৈ থও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা দেশীয় ৰাজনীতি কুটনীতিৰ জটিলৰো জটিল কথা কামৰ মেৰপেচৰ আঁত জানিছিল কেৱল ৰামানুজ গোস্বামীৰ ‘লায়ন্স আৰ্মি’য়ে……

আৰু ইয়াৰ আঁত ধৰি আপুনিও কৰিব পাৰিব এক ৰোমাঞ্চকৰ যাত্ৰা “ৰামানুজ গোস্বামী”ৰ “দ্যা লায়ন্স আৰ্মি” ৰ সৈতে।

“দ্যা লায়ন্স আৰ্মি” ইতিহাসৰ পাতত লিপিবদ্ধ নোহোৱা হেৰাই যোৱা অতীতৰ এক গোপন সশস্ত্ৰ বাহিনী, সপোন আৰু বাস্তৱৰ দোমোজাৰ এক তেজেধোৱা দস্তাবেজ।

আপোনাক এশ শতাংশই নিশ্চিতি দিব পাৰো “দ্যা লায়ন্স আৰ্মি” পঢ়ি এক সুকীয়া সোৱাদ পাবই পাব।

আৰু লেখক ৰামানুজ গোস্বামীৰ বিষয়ে কি কও ভাবিছো!

পেছাত অভিযন্তা, স্বল্পভাষী, অতিকে অধ্যয়নশীল, এজন সাহসী লেখক ৰামানুজ গোস্বামী।

যাৰ অন্তৰ ভৰি আছে অসম আৰু অসমীয়াৰ প্ৰতি সীমাহীন মৰম আৰু ভালপোৱাৰ লগতে দায়বদ্ধতাৰে।

সেয়ে এক ব্যতিক্ৰমী ঠাঁচত লেখা তেওঁৰ লেখাই সকলোকে চুই যাব পাৰে অনায়াসে।

💐💐💐💐💐💐অসমী গগৈ💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *