💐💐💐এখন কিতাপৰ অন্তৰালত💐💐💐

ডঃ ৰক্তিম ৰঞ্জন শইকীয়া।

পেচাদাৰী জীৱনত এজন ভূতাত্ত্বিক হোৱা স্বত্তেও ইতিহাস চর্চাৰ ক্ষেত্ৰখনত এই গ্ৰন্থখনৰ লিখকে অনধিকাৰ প্ৰৱেশ কৰিব লগীয়া হোৱাৰ কাৰণটো কিতাপখন পঢ়িবলৈ হাতত লোৱা প্ৰতিজন শ্ৰদ্ধাৰ পঢ়ুৱৈয়ে স্বভাৱিকতে জানিবলৈ বিচাৰিব৷ আমি গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ কালত কিম্বদন্তি সদৃশ ডঃ প্ৰণৱজ্যোতি ডেকাক শিক্ষক হিচাপে পোৱাৰ সৌভাগ্য হৈছিল৷ তেখেতৰ সান্নিধ্যতে প্ৰথমবাৰৰ বাবে বিজ্ঞান আৰু কাৰিকৰী বিদ্যাৰ জ্ঞান ইতিহাস চর্চাত কেনেকৈ প্ৰয়োগ কৰিব পাৰি তাক ওচৰৰ পৰা দেখিছিলোঁ৷ সৌভাগ্যক্ৰমে ডঃ প্ৰণৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ (Nilachala Kamakhya Her History and Tantra) গ্ৰন্থখনিৰ ৰচনাৰ কালত কেইবাটাও ক্ষেত্ৰ অধ্যয়নৰ সংগী হ’বলৈ সুযোগ পাইছিলোঁ৷ আনুষ্ঠানিক শিক্ষা আৰু গৱেষণাকর্ম শেষ কৰি পেটৰ তাড়ণাত তৈল অন্বেষণ প্ৰতিষ্ঠানৰ চাকৰিত যোগ দিব লগা হোৱাত ইতিহাস অধ্যয়ন তল পৰিল৷ মাজে মাজে কেৱল ইতিহাস সম্পর্কীয় কিতাপ পালে কিনি পঢ়াৰ অভ্যাসটো থাকি গ’ল৷ এই সময়চোৱাতে “চুতীয়া জাতিৰ বুৰঞ্জী” নামৰ এখন শকত আৱত কিতাপ কিনি আনি পঢ়িবলৈ লৈছিলোঁ৷ তাত প্ৰকাশিত প্ৰৱন্ধ সমূহৰ এটাৰ নাম আছিল “চুতীয়া সকলৰ অৰ্থনৈতিক অৱস্থা: অতীত আৰু বর্তমান”৷ সেই প্ৰৱন্ধটোৰ লিখকৰ মতে অতীতত চুতীয়া সকলে ঘোঁৰা পালন কৰিছিল৷ তাৰ প্ৰমান হিচাপে তেওঁ দেখুৱাইছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ঘূৰি ফুৰা বন-ঘৰচীয়া (Feral Horse) জাক বোৰক৷ দ্বিতীয় মহাসমৰৰ সময়ত মিত্ৰশক্তিৰ সৈন্যই এৰিথৈ যোৱা “আইবেৰীয়ান” মূলৰ ঘোঁৰা বোৰেই যে ডিব্ৰু চৈখোৱাৰ “বনৰীয়া ঘোঁৰা” সেয়া সৰ্বজন বিদিত৷ এই বন-ঘৰচীয়া ঘোঁৰা বোৰকে চুতীয়া জাতিৰ ঘোঁৰাপালনৰ প্ৰমান হিচাপে ইতিহাসৰ পাতত প্ৰদর্শন কৰাত মুৰেকপালে হাত দিয়াৰ বাহিৰে সেই সময়ত কৰিব লগা একো নাছিল৷ তেতিয়াই ভাবিছিলোঁ সময় সুবিধা পালে বৈজ্ঞানিক দৃষ্টিভংগী আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰি অসমৰ ইতিহাস এখন লিখিবলৈ যত্ন কৰিম৷
এনে সময়তে আচৰিত ভাৱে জীৱনৰ দিশটো সলনি হৈ গ’ল৷ কিবাকিবি ঘটনাচক্ৰত তৈল অন্বেষণ প্ৰতিষ্ঠানৰ চাকৰি এৰি যোগ দিলোঁ যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ভূতত্ত্ব বিভাগত৷ তাৰপিচতে সেইসময়লৈকে আহৰণ কৰা বিজ্ঞানৰ নূন্যতম কাৰিকৰী জ্ঞান খিনি অসমৰ ইতিহাস চর্চাত ব্যৱহাৰ কৰিম বুলি সিদ্ধান্ত ললোঁ৷ এই সিদ্ধান্তৰ পাচত ৬ বছৰ জোৰা ক্ষেত্ৰ অধ্যয়ন, বিজ্ঞানাগাৰৰ পৰীক্ষা আৰু প্ৰাথমিক আৰু গৌণ উৎসৰ অনুসন্ধানৰ পাচত জন্মপালে “প্ৰাক ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস” নামৰ গ্ৰন্থখনে৷
প্ৰকৃততে ইতিহাস এটা আন্তঃবৈষয়িক অধ্যয়নৰ বিষয়৷ কিন্তু অসমত ইতিহাসক প্ৰকৃতার্থত আন্তঃবৈষয়িক বিষয় হিচাপে এতিয়ালৈকে অধ্যয়ন কৰা নাই৷ অৱশ্যে ডঃ প্ৰনৱজ্যোতি ডেকাৰ “নীলাচল কামাখ্যাৰ ইতিহাস আৰু তন্ত্ৰ” এক ব্যতিক্ৰম৷ প্ৰাক-ঔপনিৱেশিক অসমৰ অর্থনৈতিক ইতিহাসৰ সকলো দিশ সামৰি প্ৰথম বাৰৰ বাবে প্ৰণয়ন কৰা এই গ্ৰন্থখনত অসমৰ প্ৰাচীন অৰ্থনীতিৰ লগত জড়িত বিভিন্ন বিষয়ত সিদ্ধান্ত গ্ৰহন কৰোতে ‘পোহৰদ্বীপন সময় নিৰূপন’, ‘তেজস্ক্ৰিয় এঙাৰ সময় নিৰূপন’, ফাইট’লিথ বিশ্লেষণ, ৰাসায়নিক বিশ্লেষণ আদি আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ নদীৰ গতি সলনি, বৰষুণৰ পৰিমাণৰ পৰিবর্তন, ভূত্বকৰ শিলাস্তৰ বিন্যাসো অধ্যয়ন কৰা হৈছে৷
দুটা খণ্ডত বিভক্ত গ্ৰন্থখনিৰ প্ৰথমখণ্ডত প্ৰাক-ঔপনিৱেশিক কালত এই অঞ্চলটোত বিকাশ লাভ কৰা আৰু অর্থনীতিৰ লগত পোনপটীয়াকৈ সম্পর্কীত দহোটা ভৌত সাংস্কৃতিক উপাদান যেনে লোণ উৎপাদন, স্বর্ণ উৎপাদন, ৰৌপ্য উৎপাদন, লৌহ উৎপাদন, মিশ্ৰধাতুৰ উৎপাদন, পোৰামাটিৰ শিল্প, পোৰা ইটাৰ শিল্প, কঁৰাল উৎপাদন, বাৰুদ উৎপাদন আৰু বয়ন শিল্পৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে৷ দ্বিতীয় খণ্ডত অন্তর্ভূক্ত কৰা হৈছে প্ৰাক-ঔপনিৱেশিক কালত এই অঞ্চলটোত প্ৰসাৰ লাভ কৰা প্ৰাগজ্যোতি্ষ-কামৰূপ, ভূঞাঁ ৰাজ্য, কমতা ৰাজ্য, চুতীয়া ৰাজ্য, কছাৰী ৰাজ্য, আহোম ৰাজ্য, কোচ ৰাজ্য আৰু মটক ৰাজ্যৰ অর্থনৈতিক বিকাশৰ কাহিনী৷
গ্ৰন্থখনিৰ দুটা খণ্ডৰ উনৈশটা অধ্যায়ত প্ৰাক-ঔপনিৱেশিক অসমৰ অর্থনীতিৰ সম্ভৱপৰ সকলো দিশ সামৰি ল’বলৈ যত্ন কৰা হৈছে৷ সম্পূর্ণ নতুন তথ্যপাতিৰ ওপৰত ভিত্তি কৰি বহুকেইটি নতুন অনুসিদ্ধান্ত গ্ৰন্থ খনিত আগবঢ়োৱা হৈছে৷ প্ৰথমবাৰৰ বাবে আগবঢ়োৱা এই সূত্ৰায়ণ সমূহে অসমৰ প্ৰাক-ঔপনিৱেশিক সময়চোৱাৰ মূল্যায়ণৰ দিশত চিন্তাৰ খোৰাক যোগাব বুলি আশা কৰিব পাৰি৷

Leave a Reply

Your email address will not be published. Required fields are marked *