💐”দুডাল পোন ছিৰিত চলিবলৈ
আমাৰ জীৱন কি ৰে’লগাড়ী
বোজা কঢ়িয়াই উকিয়াই উকিয়াই গৈ থাকিবলৈ?

💐দুটা পোন বাটেৰে গৈ গৈ লগ নোপোৱাতকৈ
একা-বেঁকা বাটেৰে গৈ গৈ লগ পোৱা বা
খুন্দা-খুন্দলি খোৱা বেছি ভাল। “

২০০৬ বৰ্ষত ‘মুনীন বৰকটকী বঁটা’ প্ৰাপক বিশিষ্ট লেখক অজিৎ গগৈৰ নৱতম কাব্য-সংকলন “সত্য এক সুস্বাদু ফল”।

৫৯ টা মনোৰম কবিতা সন্নিৱিষ্ট পুথিখন প্ৰকাশ কৰি উলিয়াছে পূৰ্বায়ণ প্ৰকাশনে।

অগতানুগতিক বিষয়-বৈচিত্ৰ্য আৰু সুমধুৰ ভাষাৰে কবিতাসমূহ অনন্য-সুন্দৰ। কবিৰ সুগভীৰ জীৱনবোধ, আধ্যাত্মিকতা-আশ্ৰিত জীৱন-দৰ্শন তথা জীৱনৰ প্ৰতি কঢ়িওৱা গূঢ়তম উপলব্ধি আৰু আত্মিক ভাবাৱেগে কবিতালানিক সৌন্দৰ্যশালী কৰি তোলাৰ লগতে গাম্ভীৰ্য দান কৰিছে।

‘K সূত্ৰ’ নামৰ কবিতাটিত কবিয়ে কৈছে—

“গুৰুজনাৰ K3 (কাম-ক্ৰোধ-কুত্তা) সতৰ্কীকৰণ বৰ অনুপম:
কোনো কাৰো বাবে হৰিণ নহ’লে
বাঘ নহ’লে
সবেই মাজে মাজে বাচি যাওঁ।

অসমীয়া সমাজখনত প্ৰচলিত ঘোষা, পদ, সাধুকথাৰো অনুপম সমাহাৰ কিছু কবিতাত দেখা যায়—

“ওপৰে এখনি পাত, তলে এখনি পাত দি
সপোনৰ সঁচ ৰুলে বুঢ়া-বুঢ়ীয়ে :
শিয়ালে ৰাতি আহি সোপাকে খালে!”

একেদৰে, ‘লক্ষীন্দৰ-বেউলা’ অথবা ‘শকুন্তলা’ৰ দৰে প্ৰাচীন কাব্যৰ কাহিনী আৰু চৰিত্ৰক সযতনে তুলি আনি ‘অপ্ৰেমৰ কবিতা’ নামেৰে তেওঁ লিখিছে প্ৰেমৰ মন চুই যোৱা কবিতা—

“খুব সন্তৰ্পণে ময়েই তোমাৰ আঙুলিৰ পৰা
খুলি নিছিলোঁ সোণৰ আঙঠিটো

সোণ আভৰণ!
সেয়ে দলিয়াই দিছিলোঁ বাৰিষাৰ নৈত

সাপৰ দৰে মাছো নাৰীৰ প্ৰাচীন লগৰীয়া
দুয়ো নাৰীক অতিনাৰী কৰি তোলে। “

কোনো কোনো কবিতাত শ্লেষপূৰ্ণ ভাব-ভাষাৰে উন্মোচিত হৈছে জাতিটোৰ কাৰুণ্য অথবা আঁহফলা সমাজখনৰ ফোঁপোলা ছবি —

“গুৰুৱে মুঠিয়াইছিল তত্ত্বকথা
ভকতে পকা মিঠৈ

প্ৰসাদ বিতৰণ পৰ্বত
ঘৰমূলিক লৈহে ভকতবৃন্দ উদগ্ৰীৱ হৈছিল
পলিথিনৰ মোনাত ভৰাই ঘৰলৈ কঢ়়িয়াইছিল
এমোনাকৈ অবিশ্বাস “

নিঃসন্দেহে ক’ব পাৰি যে, ‘সত্য এক সুস্বাদু ফল’ৰ কাব্যিক সুস্বাদে পাঠকক নিশ্চিতভাৱে মুগ্ধ কৰিব।

সত্য এক সুস্বাদু ফল

অজিৎ গগৈ

পূৰ্বায়ণ প্ৰকাশন

দাম ১৫০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *