
🌹🌹🌹🌹চিত্র-ভাস্কর্য কলাৰ স্রষ্টা আৰু দ্ৰষ্টা🌹🌹
🌹🌹🌹🌹 প্রথম খণ্ড
লেখক: সুন্দৰ শইকীয়া
গ্ৰন্থখনিৰ লেখক ন-আলি কুঁৱৰী পুখুৰীৰ বেজ গাঁৱত ১৯৬৬ চনত জন্ম।
দেউতাক হ’ল প্রয়াত আদর্শ কৃষক “ তিলোৰাম শইকীয়া মাতৃ প্রমিলী শইকীয়া।
উচ্চতৰ মাধ্যমিক পর্যায়লৈকে শিক্ষাগ্রহণ কৰে যোৰহাটত আৰু চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়, গুৱাহাটী (Govt College of Art & Crafts, Guwahati)ৰ পৰা পেইণ্টিং
বিভাগত স্নাতক হয়।
৬ খনকৈ একক প্রদর্শনী অনুষ্ঠিত কৰাৰ লগতে ভাৰতবৰ্ষৰ আগশাৰীৰ জেহাংগিৰ আৰ্ট গেলেৰি, দিল্লীৰ ললিত কলা একাডেমী, কানৰীয়া চেণ্টাৰ ফৰ আৰ্টছ (আহমেদাবাদ), নেহৰু চেণ্টাৰ মুম্বাই, কলকাতা, চেন্নাই, চণ্ডীগড়, গুৱাহাটীকে ধৰি বহু স্থানত প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।
নেপালৰ কাঠমাণ্ডুতো দলীয়ভাৱে প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে।
চিত্রকলা কৰ্মশালাৰো ভাৰতবৰ্ষৰ দৃশ্য-কলা অতি সম্মানীয় অনুষ্ঠান ললিত কলা একাডেমী, কানৰীয়া চেণ্টাৰ ফৰ আৰ্টছ, চোলমণ্ডলম আৰ্টিছ ভিলেইজ, চেন্নাইকে ধৰি বহু অনুষ্ঠানত অংশগ্ৰহণ কৰে।
অল ইণ্ডিয়া ফাইন আৰ্ছ এণ্ড ক্রাফ্টচ্ ছ’চাইতি, নিউ দিল্লীয়ে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা প্ৰদৰ্শনীতো ২০০৩ চনত পুৰস্কাৰ পাবলৈ সক্ষম হয়।
শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ আৰু ললিত কলা একাডেমী, নিউ দিল্লীয়ে যুটীয়াভাৱে আয়োজন কৰা উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত প্রদর্শনীতো ২০১০ চনত বিশেষভাৱে সন্মান লাভ কৰে।
চিত্ৰকৰজনৰ চিত্ৰ দেশৰ বাহিৰেও বিদেশতো চিত্ৰৰসিকসকলে সংগ্ৰহ কৰিছে।
ইয়াৰোপৰি দৃশ্যকলা সম্পর্কীয় বহুতো লেখা অসমৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈ আহিছে।
সামাজিক মাধ্যমতো বহু কলা সম্পর্কীয় লেখা লেখি আহিছে।
চিত্ৰকৰজনৰ ‘চিত্ৰ-ভাস্কৰ্য কলাৰ স্ৰষ্টা আৰু দ্রষ্টা’ প্ৰথম গ্রন্থ।
লেখক বর্তমান স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ কলা শিক্ষা বিভাগৰ শিক্ষক হিচাপে কৰ্মৰত হৈ আছে।

