
💐”সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব” সাহিত্য আৰু সমাজ বিষয়ক এটি মননশীল প্ৰবন্ধ সংকলন। জুৰি দত্তৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।💐
তিনিটা ভাগত বিভক্ত প্ৰবন্ধলানিৰ ‘সাহিত্যতত্ত্ব’ শীৰ্ষক প্ৰথম ভাগটোত নাৰীবাদ, তুলনামূলক সাহিত্য, নতুন ইতিহাসবাদ আৰু কুইয়াৰ তত্ত্বৰ ধাৰাকেইটি পশ্চিমীয়া সাহিত্যৰ লগতে ভাৰতীয় আৰু অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত বিচাৰ কৰা হৈছে।
“অসম, শিক্ষা আৰু সাহিত্য” বিষয়ক প্ৰবন্ধ অন্তৰ্ভুক্তিৰে সজোৱা দ্বিতীয় ভাগটোত অসমত স্ত্ৰী শিক্ষাৰ প্ৰসাৰত ‘ঘৰ-জেউতি’ মহিলা আলোচনীখনৰ প্ৰভাৱ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ আলোচনা সন্নিৱিষ্ট কৰা হৈছে। লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী চেতনা, লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকত প্ৰতিফলিত স্বদেশ-প্ৰেম, জাতীয়-চেতনা আৰু বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘ইয়াৰুইংগম’ত মানৱতাবাদ আৰু মানৱ-মুক্তিৰ সাধনা সম্পৰ্কে অন্য তিনিটা প্ৰবন্ধত সাৱলীলভাৱে আলোচনা কৰা হৈছে।
তৃতীয় অধ্যায়ৰ বিষয় হৈছে জনজাতীয় জীৱন আৰু সাহিত্য। এই অংশত য়েছে দৰজে ঠংচি, লুম্মেৰ দাই, মহাশ্বেতা দেৱী আৰু দক্ষিণ ভাৰতীয় জনগোষ্ঠীয় লেখক নাৰায়ণৰ সাহিত্যত প্ৰতিফলিত জনজাতীয় জীৱনক বিভিন্ন দৃষ্টিকোণেৰে বিশ্লেষণ কৰা হৈছে।
গ্ৰন্থখনত সামৰি লোৱা প্ৰবন্ধসমূহে সাহিত্য আৰু সমাজ বিষয়ক বহুকেইটা দিশ পুংখানুপুংখভাৱে তুলি ধৰিবলৈ সক্ষম হৈছে। প্ৰেক্ষাপট তথা পটভূমি সম্পৰ্কীয় ঐতিহাসিক বিচাৰ, মূল বিষয়বস্তুৰ যথাযথ উপস্থাপন, পৰ্যাপ্ত তথ্য আৰু উদাহৰণ সংযোজনৰ লগতে লেখিকাৰ নিজস্ব দৃষ্টিভংগীয়ে প্ৰবন্ধসমূহক গাম্ভীৰ্য প্ৰদান কৰিছে। তদুপৰি লেখিকাৰ সৰল ভাষা, বৰ্ণনাশৈলী আৰু যুক্তিনিষ্ঠ ব্যাখ্যাই গ্ৰন্থখন আকৰ্ষণীয় কৰি তুলিছে।
‘সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব’ শীৰ্ষক প্ৰবন্ধ সংকলনটিয়ে ছাত্ৰ-ছাত্ৰী, গৱেষকৰ লগতে সাহিত্যানুৰাগী সমূহ পাঠককে উপকৃত কৰিব।
💐💐সাহিত্য, সমাজ আৰু সাহিত্যতত্ত্ব💐💐
জুৰি দত্ত
পূৰ্বায়ণ প্ৰকাশন
দাম ২৫০ টকা
