
গ্ৰন্থ-বাৰ্তাঃ
কিতাপৰ নাম– #চীজটিউলিপকেনাল_আৰু
অন্যান্য”
লেখকঃ ড৹ ৰাণী মুদিয়াৰ ডেকা
প্ৰথম প্ৰকাশঃ নৱেম্বৰ, ২০২৩
প্ৰকাশকঃ মণিকূট
কিতাপৰ মূল্যঃ ২৫০/-টকা
নেদাৰলেণ্ডৰ সেউজ-সুন্দৰ এখন চহৰ ইউট্ৰেখ।
সৌন্দৰ্য্য আৰু সম্পদৰ সহবাস, ঐতিহ্য-সংস্কৃতি আৰু প্ৰযুক্তিৰ যুগলবন্দী, সেউজীয়া আভৰণ আৰু পৰিৱেশ-সচেতনতা, মুক্ত-উচ্ছল অথচ পৰিশীলিত, প্ৰণালীবদ্ধ সহজ-সৰল জীৱনশৈলী― এনেবোৰ কথাই ইউট্ৰেখক সমৃদ্ধ কৰি তুলিছে।
সমগ্ৰ দেশখনকেই বিশ্ববৰেণ্য কৰি তোলা অপৰূপা টিউলিপ, আশ্বৰ্য্যকৰ উইণ্ডমিল, সুস্বাদু চীজ, চাইকেলৰ লানি, সৰ্পিলকাৰ কেনালবোৰৰ গতিময়তা, সেউজীয়া পথাৰ আৰু শাৰী শাৰী গছবোৰৰ নৈসৰ্গিকতা, আশ্বৰ্য্যকৰ মিউজিয়ামবোৰ, চাই চাই হেঁপাহ নপলোৱা অনন্য স্থাপত্য কলাৰ নিদৰ্শন ঘৰবোৰ― এইবোৰৰ মাজতো যিটো কথাই লেখিকাক সবাতোকৈ অধিক মুগ্ধ কৰিছিল, সেইটো হৈছে প্ৰকৃতিৰ প্ৰতিকূলতাক জীৱনৰ অনুকূলে ৰূপান্তৰ কৰি প্ৰকৃতিৰ সৈতেই মিতিৰালি পতা ডাটছ্সকলৰ জীৱন জিন্দাবাদ মানসিকতা!
লেখিকাৰ সেই বিমুগ্ধ অনুভৱৰ এচেৰেঙা ৰেঙণিক পাঠকৰ মনলৈ প্ৰতিফলিত কৰাৰ হেঁপাহেই হৈছে এই ‘চীজ, টিউলিপ, কেনাল আৰু অন্যান্য’ৰ জন্মৰ নেপথ্যৰ কাহিনী।
অৰ্থনীতিৰ অধ্যাপক লেখিকা ড৹ ৰাণী মুদিয়াৰ ডেকাৰ অৰ্থনীতিকে ধৰি বিভিন্ন বিষয়ৰ একাধিক গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে।
অৰ্থনৈতিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰি লেখি উলিওৱা এই ‘চীজ, টিউলিপ, কেনেল আৰু অন্যান্য’ নামৰ গ্ৰন্থখনে এখন অগতানুগতিক ভ্ৰমণ বৃত্তান্তৰূপে ইতিমধ্যে পঢ়ুৱৈৰ সমাদৰ লভিছে।
প্ৰকাশনৰ জগতত ব্যতিক্ৰমী গ্ৰন্থ প্ৰকাশেৰে কম সময়তে পঢ়ুৱৈৰ চিনাকি নাম হৈ পৰা জনপ্ৰিয় প্ৰকাশক গোষ্ঠী মণিকূট প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কিতাপখন পাণবজাৰকে ধৰি অসমৰ বিভিন্ন ঠাইৰ বিপণীত উপলব্ধ।
এমাজন আৰু ফ্লিপকাৰ্ট যোগেৰেও কিতাপখন সোনকালেই উপলব্ধ হ’ব।
ডাকযোগে বিনামূলীয়া ডাকখৰচত ঘৰতেই কিতাপখন পাবলৈ মণিকূটৰ হোৱাচ্ছাপ নম্বৰ 8638960116 ত যোগাযোগ কৰিব পাৰে।
মণিকূট প্ৰকাশন।
