
💐💐💐💐মোৰো এটা সপোন আছে💐💐💐
মোৰো এটা সপোন আছে আত্মজীৱনীমূলক গ্ৰন্থখন মূলতঃ চাৰিটা খণ্ডত বিভক্ত।
এই খণ্ডসমূহো সৰু-বৰ উপ-অধ্যায়ত বিভক্ত। গ্ৰন্থত মুঠ এসত্তৰটা উপ-অধ্যায় আছে।
গ্ৰন্থখনৰ প্ৰথমটো খণ্ডৰ শিৰোনাম হৈছে-শৈশৱ। এইটো খণ্ডত লেখকে শৈশৱত সন্মুখীন হোৱা বিভিন্ন সংঘাতৰ বিষয়ে লিখিছে।
পঢ়া টেবুলখনৰ বৰ্ণনাৰে তেখেতৰ শৈশৱ-কথা আৰম্ভ হৈছে। এইটো অধ্যায়ত প্ৰাথমিক স্কুলৰ পৰা মেট্ৰিক পাছ কৰালৈকে বৰ্ণনা সন্নিৱিষ্ট হৈছে।
দ্বিতীয়টো অধ্যায় সংগ্ৰামত লেখকে উচ্চতৰ মাধ্যমিকৰ শিক্ষাগ্ৰহণৰ পৰা আৰম্ভ কৰি টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে যোগদান হোৱালৈকে সময়ছোৱাক সামৰি লৈছে।
তৃতীয়টো অধ্যায় সুযোগত লেখকে টাটাৰ প্ৰতিষ্ঠানটিত বিজ্ঞানী হিচাপে অৰ্জন কৰা অভিজ্ঞতাসমূহৰ বিষয়ে বৰ্ণনা কৰিছে।
আৰু সেই অভিজ্ঞতাই তেখেতেক কিদৰে ডক্তৰেটৰ বাবে সুযোগ আনি দিলে-তাৰ ব্যাখ্যা আগবঢ়াইছে।
চতুৰ্থটো অধ্যায় দেউতাৰ অসুখত লেখক ড॰ মাউতে আমেৰিকাত মাচাছুচেটছ বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতেই দেউতাকৰ দুৰাৰোগ্য ৰোগৰ খবৰ পোৱা, সেই খবৰে তেওঁৰ মনোজগতত সৃষ্টি কৰা নানান চিন্তা-দুশ্চিন্তাৰ বিষয়ে লিখিছে।
তেখেতৰ দেউতাক পাৰকিনচনৰ ৰোগত আক্ৰান্ত হৈছিল। এইটো অধ্যায়ত লেখকে জিন এডিটিঙৰ নানান সম্ভাৱনা, CRISPR/CAS9ৰ প্ৰযুক্তিৰ বিষয়েও ব্যাখ্যা আগবঢ়াইছে।💐💐💐
