
‘এটমিক হেবিটছ’ অসমীয়া ভাষাত উপলব্ধ হ’ল:
‘ইকিগাই: দীর্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য’, ‘ইকিগাই যাত্ৰা’, ‘মনোভাবেই সকলো’, ‘কাইজেন’ ইত্যাদি গ্ৰন্থবোৰৰ দৰে এইখন গ্ৰন্থও আমি আমাৰ সুহৃদ অসমীয়া পাঠকসমাজলৈ আগবঢ়াই দিলোঁ ৷
এতিয়াৰ পৰা গ্ৰন্থখন আপোনালোক পঢ়ুৱৈ আৰু বিক্ৰেতাসকলৰ হ’ল ৷ ‘এটমিক হেবিটছ’ সমগ্ৰ বিশ্বতে এখন বহুলভাৱে জনপ্ৰিয়, ফলপ্ৰসূ আৰু গভীৰ চিন্তাকর্ষক গ্ৰন্থ, যিখন পৃথিৱীৰ বহু ভাষালৈ অনূদিত হোৱাৰ লগতে আমাৰ দেশৰো বহুতো ভাষালৈ ইতিমধ্যে অনুবাদ কৰা হৈছে ৷
তেনে এখন গ্ৰন্থ আমাৰ অনুসন্ধানী আৰু আত্মানুসন্ধানী অসমীয়া পাঠকলৈ আগবঢ়োৱাই হৈছে আমাৰ পৰিশ্ৰমৰ উদ্দেশ্য আৰু জীৱনবোধৰ অন্য এক তাৰণা ৷
আগৰ গ্ৰন্থবোৰৰ দৰেই এইখন অনূদিত গ্ৰন্থইও পাঠকৰ দৃষ্টি নিশ্চয় আকর্ষণ কৰিব আৰু গ্ৰন্থখনত পঢ়ুৱৈসমাজে সুফল বিচাৰি পাব বুলি আমি আশা ৰাখিছোঁ ৷
✍️ড: কুল কমল সেনাপতি 🌹
গ্ৰন্থখনৰ প্ৰকাশক: Manjul Publishing House
গ্ৰন্থখনৰ (অসমত) মুখ্য বিতৰক হ’ল: অশোক বুক ষ্টল, পানবজাৰ গুৱাহাটী-১, অসম
গ্ৰন্থখন অনলাইনত উপলব্ধ হৈছে৷
অনলাইন:https://www.amazon.in/s?k=Atomic+Habits+Assamese&crid=31B76K707321&sprefix=atomic+habits+assamese%2Caps%2C280&ref=nb_sb_noss_1
