💐💐💐💐💐হেনা -হুঁছা💐💐💐💐💐

অসম ৰাজ্যখন হৈছে লোক-সাহিত্যৰ এক অফুৰন্ত ভঁৰাল।

অসমীয়া প্ৰবাদ- বচন, ফকৰা-যোজনা, সাঁথৰ, সাধুকথা, মালিতা, মন্ত্ৰ-স্তোত্ৰগীত,আইনাম, ধাইনাম,কাহিনীগীত,লোকগীত আদি কৰি আটাইবোৰতে জনজাতীয় বা অজনজাতীয় সকলো লোকৰে সমান প্ৰতিনিধিত্ব দেখিবলৈ পোৱা যায়।

এক বিশাল পৰিসৰ সামৰি থকা অসমীয়া লোক-সাহিত্য তথা সাংস্কৃতিক সমল বিলাকৰ সংগ্ৰহ, সুৰক্ষা তথা প্ৰসাৰৰ ক্ষেত্ৰত অধ্যাপক ড° উপেন ৰাভা হাকাচামে এক নিৰলস প্ৰচেষ্টা চলাই আহিছে।

ড° হাকাচামৰ অশেষ পৰিশ্ৰমৰ ফল ‘হেনা – হুঁছা’ নামৰ দুটা খণ্ডৰ গ্ৰন্থত ‘হেনা- হুঁছা অসমীয়া’ত ৰচিত জনজাতীয় আৰু জনগোষ্ঠীয় অসংখ্য গীত -মাত সংগৃহীত হৈছে।

ৰাভা, তিৱা, সোণাৱালকে ধৰি বিভিন্ন জনজাতীয় সমাজত প্ৰচলিত ‘হেনা-হুঁছা অসমীয়া’ ৰ চমু পৰিচয় আৰু লোক-সাহিত্য গ্ৰন্থ দুখনত সন্নিৱিষ্ট কৰা হৈছে।

পঢ়ুৱৈ সমাজত বহুলভাৱে সমাদৃত ‘হেনা- হুঁছা’ৰ দুয়োটা খণ্ডৰ শেহতীয়া সংস্কৰণ বজাৰত উপললব্ধ হৈছে।

💐💐গ্ৰন্থখনৰ প্ৰথম খণ্ডটিৰ মূল্য ৭০০টকা আৰু দ্বিতীয় খণ্ডটিৰ মূল্য ৬০০ টকা।💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *