সময়ক প্ৰত্যাহ্বান জনোৱা এগৰাকী কবিৰ কবিতা

হিমাংশু প্ৰসাদ দাসৰ

💐💐💐💐আকৌ যেন কবি হৈ যাম💐💐💐💐

দাম : ১১০ টকা

প্ৰকাশক : পূৰ্বায়ণ প্ৰকাশন, পাণবজাৰ, গুৱাহাটী-০১
আজিয়েই সংগ্ৰহ কৰক

জনপ্ৰিয় নাট্যকৰ্মী, চলচ্চিত্ৰ পৰিচালক, অভিনেতা হিমাংশু প্ৰসাদ দাসৰ প্ৰথম পৰিচয় এগৰাকী কবি হিচাপে।

ভালেমান জনপ্ৰিয় কবিতাৰে পঢ়ুৱৈৰ মন জয় কৰিবলৈ সক্ষম হোৱা হিমাংশু প্ৰসাদ দাসৰ কবিতাই সদায়েই এটা শিহৰণ কঢ়িয়াই আনে।

সময়ক প্ৰত্যাহ্বান জনোৱা তেওঁৰ কবিতা বহু সময়ত তৰুণ কবিতানুৰাগীৰ মুখৰ ভাষা হৈ পৰে।

সেইগৰাকী কবিৰেই নতুন কবিতা সংকলন ‘আকৌ যেন কবি হৈ যাম’।

তেওঁৰ এই সংকলনৰ কবিতালানিয়েও পঢ়ুৱৈক একেই শিহৰণ আৰু কবিতা পঢ়াৰ সুখকৰ অভিজ্ঞতা প্ৰদান কৰিব।

তেওঁৰ কেইবাটাও জনপ্ৰিয় গীতৰ কথাও এই সংকলনত অন্তৰ্ভুক্ত কৰাৰ জৰিয়তে সংকলনখনে এটা নতুন মাত্ৰা লাভ কৰিছে।

কেৱল হিমাংশু প্ৰসাদ দাসৰ অনুৰাগী বুলিয়েই নহয়, যিকোনো কবিতা অনুৰাগীৰ বাবে এই সংকলন হ’ব পাৰে গভীৰ আগ্ৰহৰ বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *