
বিতোপন গগৈৰ অনুবাদ সংকলন “মগজুত তলা মৰা থাকক”
লেখিকা মিনাক্ষী বৰুৱাৰ গ্ৰন্থ আলোচনা।
প্ৰগতিশীল কাব্য-অনুবাদৰ ক্ষেত্ৰখনত সম্প্ৰতি বিতোপন গগৈ এক চৰ্চিত নাম। তেওঁৰ প্ৰথমখন অনুবাদ কাব্য সংকলন ‘সত্যৰ পেৰেলাইছিছ হৈছে’ৰ যোগেদি ইতিমধ্যে পাঠক সমাজত এক বিশেষ পৰিচিতি লাভ কৰিছে। ‘মগজুত তলা মৰা থাকক ‘ গ্ৰন্থখনি তেওঁৰ দ্বিতীয় কাব্য সংকলন। এই সংকলনখনিত দেশী-বিদেশী কবিৰ মুঠ ৬৩ টা প্ৰতিবাদী আৰু প্ৰেমৰ অনুদিত কবিতা সন্নিৱিষ্ট হৈছে।
প্ৰতিবাদী কবিতাসমূহ মূলতঃ ৰাজনৈতিক-অৰ্থনৈতিক-সামাজিক দমন, বৈষম্য, শোষণ, অন্যায়-অবিচাৰ, স্বেচ্ছাচাৰ, ধৰ্মীয় ভেদভাৱ আদিৰ বিৰুদ্ধে এক গমগমীয়া আৱাজ। গ্ৰন্থখনিৰ প্ৰকাশক: প্ৰয়াস অধ্যয়ন চক্ৰ। শিৰোনামৰ কবিতা ‘মগজুত তলা মৰা থাকক’ৰ মূল কবি আদম গ’ণ্ডৱি এজন পুৰস্কাৰপ্ৰাপ্ত ভাৰতীয় হিন্দী কবি। তেওঁৰ কবিতাসমূহে মূলতঃ প্ৰান্তীয় জাতি আৰু দলিত শ্ৰেণীৰ দুৰ্দশাৰ ছৱি অংকিত কৰে। ইয়াৰোপৰি দুৰ্নীতিগ্ৰস্থ ৰাজনীতিৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ বাবেও তেওঁ পঢ়ুৱৈৰ মাজত সমাদৃত।
দেশৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাপনাক লৈ কবিৰ মনত তীব্ৰ ক্ষোভ। তলত শিৰোনামৰ কবিতাটোৰ দুটা স্তৱক উল্লেখ কৰা হ’ল –
“দুচকুত কাপোৰ বন্ধা আৰুমগজুত তলা মৰা থাককসময়ৰ সোঁত নিজৰ মতে বৈ থাককবিচৰা খ্যাতি যেনেকৈয়ে নহওক আহি থাককঅহা দিনবোৰত লাগিলে বাতৰিকাকততঋণ কেলেংকাৰীৰ কথা ওলায়ে থাকক”
কাব্যিক শব্দেৰে প্ৰকাশ কৰা সাম্প্ৰতিক সময়ৰ এই ছবিখন কাৰো অচিনাকী নহয়। অনুবাদকে মূল কবিতাৰ মৰ্মাৰ্থ উপলব্ধি কৰি যথোচিত শব্দৰ প্ৰয়োগেৰে প্ৰতিটো কবিতাৰে সাৱলীল অনুবাদ কৰিছে।
অন্য এটা কবিতাৰ কথা কওঁ। কবিতাৰ শিৰোনাম “নতুন মধ্যযুগ”। কবি বিহাগ বৈভৱ। তেওঁ বাৰানসী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ। নবপ্ৰজন্মৰ এই সম্ভাৱনাপূৰ্ণ কবিজন ভাৰতভূষণ আগৰৱালা পুৰস্কাৰেৰে সন্মানিত। তেওঁৰ “নতুন মধ্যযুগ” নামৰ কবিতাটিত সময়ে কঢ়িয়াই অনা মনস্তত্ত্বৰ স্খলনৰ ছবিখন জলজল-পটপটকৈ জিলিকি উঠিছে।
“..নতুনে যেতিয়া বলাৎকাৰী আৰু হত্যাকাৰীবোৰক মালা পিন্ধাইছিলপুৰণিয়ে তেতিয়া হাতত ধৰিছিলদুহেজাৰ চৈধ্যই যেতিয়া স্বাধীনতাৰ শুভকামনা দিছিলউনৈছ শ সাতচল্লিছৰ তেতিয়া হাঁহি উঠিছিল..”
গ্ৰন্থখনিত সংকলিত হৈছে সাম্যবাদৰ স্ৰষ্টা কাৰ্ল মাৰ্ক্সৰো এটা কবিতা – “সংঘাতত সুখ আছে”। চৰকাৰী শোষণ আৰু দমনৰ বিৰুদ্ধে মাৰ্ক্সৰ দীৰ্ঘকালীন অধ্যয়নৰ ফলশ্ৰুতিত উদ্ভৱ হৈছিল কনফ্লিক্ট থিয়ৰি।
এই কবিতাটি যেন মাৰ্ক্সৰ মনৰ সেই ধুমুহাৰে ফচল। শাসকে জনগনৰ ওপৰত জাপি দিয়া ফোপোলা, উদ্দেশ্যহীন, লক্ষ্যহীন জীৱনৰ বিৰুদ্ধে ৰচিত এই কবিতাটিৰ শেষ পংক্তিটোৱে সমাজ-বাস্তৱতাৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে –
“আমি আকাংক্ষা, আক্ৰোশ, আৱেগআৰু অভিমানেৰে জীয়াই থাকিম।আমি প্ৰকৃত মানুহৰ দৰে জীয়াই থাকিম।”
মুন্সী প্ৰেমচান্দ, গুলজাৰ, হো চি মিন, ৱিলফ্ৰেড’ ডেৰেকিট’ প্ৰমুখ্যে ন-পুৰণি, জ্ঞাত-অজ্ঞাত মুঠ পঞ্চাশজন কবিৰ কবিতাৰ অনুবাদেৰে গ্ৰন্থখনি সংকলিত কৰা হৈছে। প্ৰতিবাদী কবিতাৰ মাজত প্ৰেমৰ কবিতাৰ অন্তৰ্ভুক্তি প্ৰসংগত অনুবাদকে উল্লেখ কৰিছে, “কোৱা হয় যে প্ৰেম আৰু বিপ্লৱ নলে-গলে লগা।
সেয়ে দুই এটা প্ৰেমৰ কবিতাও অনুবাদ কৰা হৈছে।” প্ৰেমৰ কবিতাৰ ভিতৰত প্ৰগতিশীল লেখিকা অমৃতা প্ৰীতমৰ “মই তোমাক আকৌ লগ পাম”, প্ৰগতিশীল উৰ্দু কবি ফেইজ আহমদ ফেইজ আৰু কাইফী আজমীৰ কবিতা উল্লেখযোগ্য। লগতে কুমুদ অনুঞ্জনাৰ সম-অধিকাৰৰ কবিতা “মোৰ কি আহে যায়” বিশেষভাৱে উল্লেখনীয় আৰু তাৎপৰ্যপূৰ্ণ।
সংযোজনঃ কিতাপখন গুৱাহাটীৰ বৰ্ণ আৰু বান্ধৱৰ বিপণীত উপলব্ধ।
গোলাঘাটৰ ৰিডাৰ্চ হাইভতো পোৱা যাব।
আন ঠাইৰ ইচ্ছুক পাঠকে অনুবাদকৰ সৈতে ফেচবুকত ( www.facebook.com/b2pangogoi ) বা 9401908978 নং ৱাটচএপত যোগাযোগ কৰিব পাৰে।
