
💐💐📖কিতাপ পঢ়ি অনুভৱ লিখা : সামাজিক অনুষ্ঠান গ্ৰন্থ সুবাসৰ উদ্যোগত।💐💐
ৰুনু দাস
বয়স ৭৩ বছৰ
বৰসজায় লালমাটি বিদ্যামন্দিৰ পথ গুৱাহাটী ২৮
তুষ্টিএলডডৰা ফ্লেট নং ১
“গেৰুকামুখত চিনাকি মুখ”
গ্ৰন্থখনৰ অনুভৱৰ দুৱাৰেদি
==========
“গেৰুকমুখত চিনাকি মুখ”কিতাপখন পঢ়ি এটি অনুভৱ কৰিব পাৰিলো যে_
মানুহ টকা পইচাৰ দুখীয়া হলেও,পঢ়াশুনা কম হলেও মানুহে বিশ্বাস,আস্হা,আৰু সততাৰে জয়ী হোৱা এটি আদৰ্শমূলক কাহিনীৰে দুটি চৰিত্র অকন আৰু মীনাক্ষি।
ঘৰৰ অৱস্হা বাবেই অষ্টম শ্ৰেণীতে পঢ়া এৰি,দেবেন দাস নামৰ এজন ভাল মানুহৰ লগ পাই গৈ তেওঁৰ ঘৰত কামবন কৰি তেওঁলোকৰ সদস্য ৰূপে থাকি লাহে লাহে এসময়ত পাছত কেনেকৈ দেবেন দাসৰ ঘৰৰ পৰা গৈ গেৰুকামুখত ব্ৰহ্মপুত্র বডত দেবেন দাসে অকনক শ্ৰমিক হিচাপে নিয়োগ কৰিছিল।
এইদৰে অকনে অতি নিষ্ঠাৰে কাম কৰাত আৰু তেওঁৰ ব্যবহাৰত লোকসকল মুগ্ধহৈ সকলোৰে সমাদৰ আৰু আশীবাদ লাভ কৰিছিল।
গেৰুকামুখত অকনে জমিদাৰৰ ভাৰা ঘৰত থাকি চাকৰি কৰিছিল।
অকনৰ অমায়িকতাত জমিদাৰৰ ছোৱালী মীনাক্ষি আকষিত হয় আৰু অকনৰ লগত বিবাহপাশত আবদ্ধ হৈ অকনে চাকৰি এৰি দুয়ো গাৱঁলৈ গুচি যায়।
গাৱঁত অকন আৰু মীনাক্ষিয়ে পৰিয়ালৰ সৈতে থাকিবলৈ ললে।
সৰুতে মীনাক্ষিয়ে আইতাকৰ পৰা চাৰিবেদ শাস্ত্রৰ জ্ঞান আহৰন কৰিছিল।
আধ্যাত্মিক জ্ঞানৰ পাচত মানুহে সমাধি লাভ কৰি পিতৃলোক,গম্ধবলোক, দেৱলোক আৰু ব্ৰহ্মলোক পায়।
দেহৰ অৱসানত আত্মব্ৰহ্মৰ স’তে একাত্ম হয়। মীনাক্ষিয়ে আইতাকৰ পৰা পোৱা আধ্যাত্মিকতাৰ জ্ঞানৰ লগতে আমিও আধ্যাত্মিক অনুভৱেৰে জ্ঞান আহৰন কৰিব পাৰিছো।
ভগৱানৰ ওপৰত বিশ্বাস ৰাখি সততাৰে আগুৱাই যাব পাৰি।
মীনাক্ষিয়েও ডাঙৰীয়া সকামৰ নিয়মেৰে বাঞ্চা সকাম পাতি ৰাইজৰ আশীবাদ শিৰোধায্য কৰি ব্যবসায় ক্ষেত্রত অকন আৰু মীনাক্ষিয়ে যথেষ্ট কষ্ট কৰি আগুৱাই গৈছিল, দুখীয়াৰ দুখত সমভাগি হৈছিল।
এই “গেৰুকামুখত চিনাকি মুখ” গ্ৰন্থখন পঢ়ি মই বহুতো কথা অনুভৱ কৰিব পাৰিলো, য’ত নেকি আছে সততা,নিষ্ঠা, বিশ্বাস আৰু মৰম চেনেহ, পৰিস্কাৰ পৰিচ্ছন্নতা।
এই গুণৰ অধিকাৰীলোকক দেখিলেই অনুমান কৰিব পাৰি লোকজন কেনে ধৰনৰ হ’ব পাৰে এনেলোকক দেখিলে মুৰ দোঁৱাই ভক্তি কৰিব মন যায়।
সমাজত প্ৰতিষ্ঠিত হ’বলৈ এটি অৱলম্বনৰ আৱশ্যক।
অকনে যেনেকৈ দেবেন দাসৰ সহায় সহযোগিতাৰে সমাজৰ এজন সুপ্ৰতিষ্ঠিত ব্যক্তি হব পাৰিলে। ভাল মানুহক কেতিয়াও পাহৰি যোৱা উচিত নহয়।
এই গ্ৰন্থৰ লেখিকা শ্ৰীমতী হিৰণ্যময়ী বৰুৱাই এটি সত্য কাহিনীৰ আলমত লেখা আদশমূলক বিশ্লেষণসমূহ মোৰ হৃদয়ত অনুভৱৰ খোলা দুৱাৰেদি সোমাই চিৰযুগমীয়া হৈ ৰব।
জীৱনত জীয়াই থকাৰ উৎস মৰম চেনেহ আৰু আদৰ সাদৰ, ইয়াক অনুভৱহে কৰিব পাৰি ।
