
বৃত্তিগতভাৱে নৰ্থ ইষ্টার্ন ইলেকট্রিক পাৱাৰ কৰ্পৰেচন লিমিটেড (NEEPCO)ৰ এগৰাকী উচ্চপদস্থ বিষয়া (DGM, Civil) জ্যোতি ৰঞ্জন শইকীয়া এগৰাকী সংবেদনশীল আৰু অর্ন্তদৃষ্টিসম্পন্ন লেখক।
যোৰহাট জিলাৰ উপকণ্ঠৰ ৮২নং পটীয়া গাঁও নিম্ন বুনিয়াদী বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ
জ্যোতি ৰঞ্জন শইকীয়া কৰি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰি ডিগ্রী (বিজ্ঞান শাখাত), শেষত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে চিভিল ইঞ্জিনিয়াৰিং বিভাগত BE (Civil) ডিগ্রী অর্জন কৰে।
বালিগাঁও জগন্নাথ বৰুৱা আৰ্য বিদ্যালয় (যোৰহাট)ৰ প্ৰাক্তন প্রধান শিক্ষক প্রয়াত যোগেন্দ্ৰ নাথ শইকীয়া আৰু বাহনা উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্রী প্রয়াত মাইফুল শইকীয়াৰ পুত্ৰ শ্ৰীশইকীয়াৰ ‘খৰিকাজাঁই ফুলৰ সুবাস’ প্রথম উপন্যাস।
ক’ভিডকালীন সময়ৰ ভয়াৱহ নিঃসংগ অৱস্থাত কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ গভীৰ অৰণ্যৰে আৱৰা এটি ভিতৰুৱা অঞ্চলত নিজৰ জীৱন আৰু জীৱিকাৰ অভিজ্ঞতা আৰু মানৱীয় প্ৰমূল্যৰে সংপৃক্ত সুক্ষ্ম পর্যবেক্ষণেৰে উপন্যাসখন লিখি সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে প্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
পৰিয়াল তথা শুভাকাংক্ষীসকলৰ আব্দাৰত ছপা মাধ্যমেৰে প্রকাশিত এই উপন্যাসখনত এক বিশেষ সোৱাদ পাব আৰু পাঠকসমাজে আদৰি ল’ব বুলি আমাৰ বিশ্বাস ৷
🌹❤️🌹❤️খৰিকাজাঁই ফুলৰ সুবাস🌹❤️🌹❤️
মূল্য : ৩৫০.০০
