
অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম মুনমী হাজৰিকা।
‘তেজস্বিনী’ মুনমী হাজৰিকাৰ তৃতীয়খন গ্ৰন্থ লগতে প্ৰথমখন সম্পূর্ণ উপন্যাস।
তেখেতৰ প্ৰথমখন সাহিত্য সংকলন ‘শিপা’ প্ৰকাশ হৈছিল ২০১৭ চনত আৰু গল্প সংকলন ‘পাতাল গংগা’ প্ৰকাশ হৈছিল ২০২০ চনত ৷
তেখেতৰ গল্প, উপন্যাস বহু বছৰ ধৰি অসমৰ বিভিন্ন আলোচনীত প্ৰকাশ হৈ আহিছে।
তেখেতৰ এখন উপন্যাসিকা “শিপাৰ আধাৰত প্ৰসিদ্ধ চলচিত্ৰ পৰিচালক মঞ্জু বৰাই দিল্লী দূৰদৰ্শনৰ কাৰণে ‘জড় কি তালাচ মে’ নামৰ এখন ছুটি ছবিও নির্মাণ
মুন্মী হাজৰিকা কৰিছিল।
অসমৰ বহুল প্রচলিত মাহেকীয়া আলোচনী ‘প্রিয় সখী’ৰ পাতত আঢ়ৈ বছৰৰো অধিক কাল জুৰি ‘তেজস্বিনী’ প্রকাশ হৈছিল।
উপন্যাসখনে পাঠক সমাজৰ বিপুল সহাঁৰি লাভ কৰিছিল।
‘তেজস্বিনী’ যদিও মূলতঃ নাৰী কেন্দ্ৰিক উপন্যাস ইয়াৰ চৰিত্ৰসমূহে নাৰীয়ে সন্মুখীন হোৱা নানা সমস্যাৰ কথা কৈছে।
তথাপি ইয়াত প্ৰতি খোজতে পুৰুষ বিদ্বেষ নাই।
পুৰুষক নাৰীৰ চিৰ প্ৰতিদ্বন্দ্বী বুলি ইয়াত উপস্থাপন কৰা হোৱা নাই।
ইয়াত কোনো এজন পুৰুষৰ যিদৰে নেতিবাচক বা নঞর্থক দিশটো টানি অনা হৈছে ঠিক একেধৰণেই কোনো কোনো নাৰীৰো নেতিবাচক দিশটো উদঙাই দেখুওৱা হৈছে।
পুৰুষৰ নিষ্ঠুৰতা, বিশ্বাসঘাতকতাৰ লগতে পুৰুষৰ উদাৰতা, মানৱীয়তা, সহমর্মিতা, বন্ধুভাৱাপন্ন, প্রেৰণাদায়ক সাহসী ৰূপটোকো আদৰি অনা হৈছে। তেজস্বিনী কোনো বাদত বিশ্বাসী নহয়।
নাৰীবাদ, পুৰুষবাদক অতিক্ৰমী তেজস্বিনী মানৱতাবাদত বিশ্বাসী।
সেয়ে তেজস্বিনী নাৰীকেন্দ্ৰিক উপন্যাস হৈয়ো সমগ্ৰ সমাজৰ জীৱনৰ এক প্ৰতিফলন হৈ উঠিছে।
তেজস্বিনী
মুল্য : ৩৮০.০০

