💐💐”জোন ওপজা ৰাতি তুমি মোক মাতিছিলা
আৰু কৈছিলা : 💐💐

আপুনি আহিলে মোৰ ভাল লাগিব💐

কিন্তু জোন ওপজাৰ আগদিনা খবৰ ওলাল
তোমাৰ ঘৰলৈ যোৱা বাটটো কোনোবাই জ্বলাই দিছে

ভাঙি পেলাইছে দলংখনৰ আধা

মূৰকত

তোমাৰ আন্তৰিক নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলোঁ “

💐”ফুল কেতিয়াও ভুলকৈ নুফুলে”—বিমান কুমাৰ দলেৰ নতুন কাব্য-সংকলনটি প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে। 💐

বিশিষ্ট সাহিত্যিক-সমালোচক ড০ আনন্দ বৰমুদৈয়ে বিমান কুমাৰ দলেৰ কবিতা সম্পৰ্কত মন্তব্য প্ৰকাশ কৰিছে এনেদৰে —

“কবিয়ে কাহিনী বৰ্ণনা কৰা নাই, কিন্তু কাহিনীৰ বাওটোৱে কবিতাসমূহৰ পঠনীয়তা বৃদ্ধি কৰিছে। দলেৰ কবিতাত আমাৰ চিনাকি সাধাৰণ বস্তু এটাই চিনাকি ৰূপত দেখা দি থকাৰ মাজতে হঠাৎ ৰূপকলৈ সলনি হৈ যায়। “

সংকলনটিত সন্নিৱিষ্ট কবিতাসমূহৰ মাজত ৰূপকৰ বৈচিত্ৰ্য আৰু চিত্ৰকল্পৰ অভিনৱত্ব বিশেষ আকৰ্ষণীয় দিশ। তেনেই সাধাৰণ কথা এটিকো ব্যঞ্জনাময় কৰি তোলাত যেন কবি সিদ্ধহস্ত; যিয়ে কবিতাসমূহৰ সৌন্দৰ্য স্বাভাৱিকতে বৃদ্ধি কৰিছে।

“ৰাতি ৰাতি টোপনি নাহিলে
দীঘল হৈ গৈ থাকে ৰাতিবোৰ
ৰাতি ৰাতি
দেশৰ মথাউৰি ভাগি থাকে
দেহৰ গৰা খহি থাকে”

প্ৰেম, জীৱন, সমাজ সকলো দিশ সামৰি কবিতাসমূহৰ বিষয়বস্তুৱে বিস্তৃতি লাভ কৰিছে। কাব্যিক সুষমাৰ সমান্তৰালভাৱে নাটকীয় পৰশ একোটিয়ে কবিতাসমূহক ঠায়ে ঠায়ে অধিক মনোমোহা কৰি তুলিছে। বিমান কুমাৰ দলেৰ এইলানি কবিতাই পাঠকসকলক নিশ্চিতভাৱে আপ্লুত কৰিব।

ফুল কেতিয়াও ভুলকৈ নুফুলে

বিমান কুমাৰ দলে

পূৰ্বায়ণ প্ৰকাশন

দাম ১৫০ টকা

Leave a Reply

Your email address will not be published. Required fields are marked *