
💐💐”কালান্তৰৰ গদ্য”—উপন্যাসখন ৰচনাৰ নেপথ্যৰ কাৰক সন্দৰ্ভত ঔপন্যাসিক ডঃ ধ্ৰুৱজ্যোতি বৰাই প্ৰথমতেই কৈছে💐💐
“… ইতিহাসৰ বিশাল গতিধাৰাৰ সন্মুখত অসহায় অকলশৰীয়া মানুহৰ কথা আৰু সেই মানুহৰ সামূহিক কাম-কাজে ইতিহাসক গতি দিয়া, যুগ পৰিৱৰ্তন ঘটোৱা—কালান্তৰৰ গদ্যৰ ৰচনাৰ কথাই হ’ল এই উপন্যাসৰ উপজীব্যও।
অসমৰ এটা প্ৰজন্মই আৰম্ভ কৰা ভঙা-গঢ়াৰ পৰ্ব, নতুন বাটৰ সন্ধান কৰাৰ সময়ত দুঃসাহসিক, সময়ত ট্ৰেজিক কাহিনী আৰু তাৰ মাজেৰেই যুগপৎ প্ৰকাশ পোৱা শান্তিৰ কামনা আৰু অপৰাজেয় আশা—এইবোৰৰ খণ্ডচিত্ৰৰ সমাহাৰেৰেই এই উপন্যাসৰ গ্ৰন্থনা।”
অনস্বীকাৰ্য যে, ঔপন্যাসিকৰ ভাষাৰ মাধুৰ্য আৰু হৃদয় পৰশা বৰ্ণনাশৈলী “কালান্তৰৰ গদ্য”ৰ অন্যতম আকৰ্ষণীয় দিশ—
“এটা অচিন চৰাইৰ মাতত আৰ্চ্ছী এখনৰ দৰে থনথনকৈ পৃথিৱীখন যেন ভাগি চৌচিৰ হৈ পৰিল। তমসাচ্ছন্ন অৰণ্যৰ বুকুৰ পৰা ভাহি আহিছে এটা ভেষজ গোন্ধ।
ওখ ওখ গছৰ আগডালবোৰ ওপৰত লগ লাগি যেন এখন প্ৰকাণ্ড জালহে গুঠি পেলাইছে আৰু তাৰ মাজেৰেই কেতিয়াবা চমকি চকুত পৰিছে জালপহীয়া আকাশখনৰ একোটা ভগ্নাংশ। “
উপন্যাসখনৰ বৈশিষ্ট্য অথবা সামগ্ৰিক আভাস এটিৰ বাবে বিশিষ্ট সাহিত্যিক-সমালোচক ড০ হীৰেন গোহাঁইৰ এটি আলোচনামূলক মন্তব্যৰ একাংশ উদ্ধৃত কৰা হ’ল—
“…সেই অভ্যুত্থানৰ বিপদসংকুল অভিযানবোৰৰ দুৰ্জেয় সাহস, প্ৰাকৃতিক আৰু ৰাষ্ট্ৰীয় বাধাৰ পৰা প্ৰতিমুহূৰ্ততে নিৰ্মম মৃত্যুৰ আশংকা, অভিযাত্ৰী মুক্তি বাহিনীৰ নায়ক আৰু সদস্যসকলৰ ত্যাগ, সংশয়, সংকল্পৰ মাজেৰেই অবিচল আত্মোৎসৰ্গ, নিমিষতে ল’বলগা সিদ্ধান্তৰ অপৰিৱৰ্তনীয় আৰু কেতিয়াবা নিষ্ঠুৰ পৰিণতি—এইবোৰ “কালান্তৰৰ গদ্য”ত অবিস্মৰণীয় ঘনত্বৰে ৰূপায়িত হৈছে “….
… একক দৃষ্টিকোণৰ সৈতে আন দৃষ্টিকোণৰ পাৰ্থক্য আৰু সংঘাত সম্পৰ্কে সচেতনতা হৈছে প্ৰকৃত লেখকৰ লক্ষণ তথা ধৰ্ম। শ্বেইক্সপীয়েৰৰ নাটকত সেয়ে সুস্পষ্ট খলনায়কৰ প্ৰতিও আমাৰ এক বিভ্ৰান্ত সহানুভূতি থাকে। এইপিনৰ পৰা ড০ ধ্ৰুৱজ্যোতি বৰাই সাৰ্থক কাহিনীকাৰৰ ক্ষমতা অৰ্জন কৰিছে।
“কালান্তৰৰ গদ্য”ত সেয়ে উগ্ৰপন্থী বিদ্ৰোহৰ জমা-খৰচত এপিনে বিদ্ৰোহীবিলাকৰ প্ৰাণোৎসৰ্গ আৰু অদ্ভুত মনোবল স্বীকৃত হৈছে, আনপিনে তেওঁলোকৰ কাম-কাজে সৃষ্টি কৰা নৈৰাজ্য আৰু ৰক্তাক্ত শূন্যতাও সাব্যস্ত হৈছে সাৱলীলভাৱে। “
কালান্তৰৰ গদ্য
ডঃ ধ্ৰুৱজ্যোতি বৰা
পূৰ্বায়ণ প্ৰকাশন
দাম ৪৪০ টকা
