💐ব্যৱস্থাৰ চক্ৰবেহুত আবদ্ধ বুদ্ধি, যোগ্যতা, দৃঢ়তা। চাৰিওফালে কিলবিলাই থকা প্ৰলোভন,উপঢৌকনৰ কীট।তথাপি নিৰাশ নহৈ নিজৰ দক্ষতাৰ ওপৰত বিশ্বাস ৰাখি; ব্যৱস্থাক প্ৰত্যাহ্বান জনাই নিজৰ ধৰণে আগবঢ়ি যোৱা মানুহৰ কাহিনী — জীৱন জিন্দাবাদ।

💐বিশ্বায়নে (Globalization Era)অনা প্ৰয়োগ, উপভোগৰ এই ধামখুমীয়াত, নিজস্বতাৰ লগত আপোচ নকৰি (নিজস্বতাৰ লগত আপোচ নকৰা মানুহবোৰৰ শিপা অধিক সবল) নিজস্ব জীৱনবোধেৰে জীৱন জীয়া মানুহৰ কাহিনী —– জীৱন জিন্দাবাদ।

💐নিজৰ দুৰ্বলতাক অজুহাত দেখুৱাই আত্মসন্তুষ্টি লাভ নকৰি(দুৰ্বলতাবোৰ নিজৰ অসমৰ্থতা লুকুৱাৰ অবগুন্ঠনহে)প্ৰেৰণা হিচাপে লৈ আগুৱাই যোৱা, জীৱন জীয়া মানুহৰ কাহিনী —– জীৱন জিন্দাবাদ।

💐জীৱনৰ ৰ’দ বৰষুণত বিধ্বস্ত হৈ যমৰ যাতনা ভোগ কৰি, পৃথিৱীৰ সমস্ত বেদনা সহি, বৃহৎ শূন্যতাৰ বোজা কঢ়িয়াইও ভাগৰি নপৰা মানুহৰ কাহিনী — জীৱন জিন্দাবাদ।

💐এই সুন্দৰ পৃথিৱীখনত জীৱন জীয়াৰ টনা-আঁজোৰাত ছন্দ নেহেৰুৱাই বৰ্তমানৰ সুন্দৰতাখিনি উপভোগ কৰিব জনা,মূৰ দাঙি থিয় হ’ব জনা মানুহৰ কাহিনী—-‌ জীৱন জিন্দাবাদ।

“জীৱন জিন্দাবাদ “

প্ৰকাশক—অংকুৰণ প্ৰকাশন

মূল্য—১৮০ টকা।

যোগাযোগ 7896595898

🌹🌹🌹 #গ্ৰন্থ #সুবাস #কিতাপ #Book

Leave a Reply

Your email address will not be published. Required fields are marked *