
💐💐💐💐অসমীয়া সাহিত্যত নদী💐💐💐💐
নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰে পৰা সভ্যতা-সংস্কৃতি গঢ়ি উঠাৰ দৰে সাহিত্যৰ সমৃদ্ধিৰ ক্ষেত্ৰতো নদীৰ বৰঙনি প্ৰচুৰ।
ক’ৰবাত নদীৰ অৱস্থান যদি সাহিত্যৰ পটভূমিৰ সৈতে সংলগ্ন হৈ আছে, ক’ৰবাত নদী আৰু সমাজ-জীৱনৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ প্ৰসংগ আছে।
নদী আৰু সাহিত্যৰ এই যোগসূত্ৰৰ আধাৰত কোনো ধৰণৰ গৱষণা পূৰ্বে হোৱা নাছিল।
” অসমীয়া সাহিত্যত নদী ” শীৰ্ষক ড° বিমল মজুমদাৰৰ গৱেষণামূলক গ্ৰন্থখনত নদী আৰু অসমীয়া সাহিত্যৰ সম্পৰ্কৰ কথা বিস্তৃতভাৱে আলোচনা কৰা হৈছে।
লোক-সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া সাহিত্যলৈকে এই আলোচনাৰ আওতালৈ আহিছে।
অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য ৮০০ টকা মাত্ৰ।

