
💐💐💐💐ডিমাছা ভাষাৰ ভঁৰাল💐💐💐💐
অসমৰ তিব্বত-বৰ্মী ভাষা-পৰিয়ালৰ অন্তৰ্গত ডিমাাছাসকল স্বকীয় সাংস্কৃতিক ঐতিহ্যৰে গৰিমামণ্ডিত।
এই ঐতিহ্যসম্পন্ন জনগোষ্ঠীটোৰ ভাষাত অভিধান প্ৰণয়ন কৰি প্ৰকাশ কৰাটো ডিমাছা তথা সামগ্ৰিকভাৱে অসমীয়া ভাষাৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
ডিমাছা ভাষাৰ ক্ষেত্ৰ-অধ্যয়নত নগেন্দ্ৰনাথ বৰুৱাৰ স্থান সদায় আগত।
ডিমাছা-বসতিপ্ৰধান অঞ্চলত দীৰ্ঘদিন থাকি শ্ৰীবৰুৱাই জনগোষ্ঠীটোৰ কৃষ্টি-সংস্কৃতি তথা ভাষা-বৈভৱৰ বিষয়ে বিস্তৰ অধ্যয়ন কৰি ডিমাছা- ইংৰাজী-অসমীয়া ভাষাত প্ৰথমখন অভিধান প্ৰণয়ন কৰিছিল।
নগেন্দ্ৰনাথ বৰুৱাৰ ‘ডিমাছা ভাষাৰ ভঁৰাল’ নামৰ এই অভিধানখন অসম পকাশন পৰিষদে ১৯৯২ চনতে প্ৰথম প্ৰকাশ কৰিছিল।
৩৫০ টকা মূল্যৰ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।
