
নৱবৈষ্ণৱ যুগৰ ভক্ত কবিসকলৰ কাব্য আৰু সংগীত সাধনাই জনমানসত আলোড়ন তথা জাগৰণ সৃষ্টি কৰি এক সুন্দৰ সামাজিক জীৱন গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল।
অমূল্য সাহিত্য সম্পদ ভক্তি কাব্যৰ বিকাশ, বৈশিষ্ট আৰু কেইবাগৰাকীও ভক্ত কবিৰ ৰচনাৰ অধ্যয়নৰ ফলস্বৰূপে সৃষ্টি হৈছে সাহিত্যিক-শিক্ষাবিদ, কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্রয়াত ড° প্রভাত গোস্বামীৰ গ্ৰন্থ ‘ভক্তি কাব্যত ৰসবোধ’।
সাহিত্য সম্পৰ্কীয় মূল্যবান ৰচনা কাকত, আলোচনীত প্রকাশ পোৱা ড°গোস্বামীৰ গ্রন্থ ‘বাৎসল্য প্রেমত ভক্তি কাব্য ঃ ভক্ত কবি সূৰদাস আৰু মাধৱদেৱৰ ৰচনাত বাৎসল্য প্রেম’ শীৰ্ষক গ্ৰন্থৰ দ্বিতীয় সংস্কৰণ, দুখন নাটক, এখন কবিতা আৰু ভিন্নধর্মী গদ্যৰ সংকলন আৰু উপন্যাস প্ৰকাশৰ পথত।

