“এই পৃথিৱীত আমাৰো আছে সন্মানেৰে জীয়াই থকাৰ অধিকাৰ ৷ আমি আমাৰ ইচ্ছাৰে আমি হৈ জন্ম লোৱা নাই ৷ আমিও মানুহ ৷’’

নাৰী আৰু পুৰুষ যদি ’মানুহ’ পৰিচয়ৰ দুটি ভিন্ন ধাৰা হয় ; দৈহিক, মানসিক তথা আবেগিক ভাৱে কিছু বেলেগজনৰ পৰিচয় কি হ’ব ?

ৰামায়ণৰ সময়তো ৰামৰ পিছে পিছে যোৱা মানুহবোৰক উদ্দেশ্যি –নাৰী আৰু পুৰুষসকল নিজৰ নিজৰ বাসস্থানলৈ উভটি যাওক —বুলি কোৱাত কিছুসংখ্যক মানুহ ৰৈ গ’ল ৷ কাৰণ তেওঁলোক সম্পূৰ্ণ নাৰীও নহয় আৰু সম্পূৰ্ণ পুৰুষো ৷

আজিৰ একবিংশ শতিকাতো বিশ্বাস , সংস্কাৰ আদিৰ মাজেৰে কেতিয়াবা others, কেতিয়াবা তৃতীয়লিংগ আদি নামেৰে এইসকল লোকে আস্থা-অনাস্থাৰে জীৱন নিৰ্বাহ কৰি আছে ৷

ঠাইবিশেষে বেলেগ বেলেগ নামেৰে নামকৰণ কৰা ১০০ ত কৈও অধিক বৈশিষ্ট্যৰে সম্পূৰ্ণৰপৰা কেতিয়াবা ফালৰি কাটি অহা আৰু কেতিয়াবা একে দেহ সজাত সম্পূৰ্ণ পুৰুষ আৰু সম্পূৰ্ণ নাৰীৰ দৈহিক , মানসিক আৰু আৱেগিকভাৱে আভ্যন্তৰীণ আৰু বাহ্যিকত অধিক সম্পূৰ্ণ হৈ পৰা এইসকল মানৱ কোন ?

কিয় হয় এনেকুৱা?

এই বিষয়টো কেতিয়াৰপৰা সাহিত্যত সৰৱ ?

একবিংশ শতিকাত ?

প্ৰায় ১৮০ টা বৈশিষ্ট্যক অজ্ঞতাৰে আওকাণ কৰি তাৰপৰা কেৱল এটা বৈশিষ্ট্য “হিজৰা”সকলৰ পৰিচয় আমি কিয় তেওঁলোকক দি আহিছোঁ ?

এইসকলৰ মাজত ছদ্মবেশীসকলৰ স্থিতি কি ?

ভাষা , সাহিত্য আৰু সংস্কৃতিৰ পৰিসৰৰ ভিতৰত অতি সূক্ষ্ম বিশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা মোৰ এখন গ্ৰন্থ “ ভাষা,সাহিত্য সংস্কৃতিত তৃতীয়ত্বৰ পৰিসৰ’’

এক, দুই, তিনি, প্ৰথম, দ্বিতীয়, তৃতীয় আদি কোৱাৰ সুবিধাৰ বাবে আহৰণ কৰা শব্দহে ৷ এই শব্দ ঈশ্বৰপ্ৰদত্ত নহয় ৷

আশাকৰোঁ আপোনালোকে মোৰ এই গ্ৰন্থখনি পঢ়ি চাব ৷ মোৰ কষ্টৰ সাৰ্থকতা তাতেই হ’ব ৷ ধন্যবাদ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *