💐ব্যতিক্ৰমী কাহিনীৰ উপন্যাস ” নিশিগন্ধা ” :💐

এটি সমীক্ষাত্মক আলোচনা

প্ৰকাশক : ৰেখা প্ৰকাশন ( গুৱাহাটী )
পৃষ্ঠা সংখ্যা : ১৭০

মূল্য : ২০০/- মাত্ৰ

                                           লক্ষীপ্ৰিয়া গগৈ

যুদ্ধ আৰু শান্তি ( লিও টলষ্টয় ) , ডিভাইন কমেডী ( ডান্তে ) , পেৰেডাইজ লষ্ট ( জন মিলটন ) , কৌটিল্যৰ অৰ্থশাস্ত্ৰ ( কৌটিল্য ) , কামসূত্ৰ ( বাৎস্যায়ন ) , আৰ্ট অব লিভিং ( আন্দ্ৰে মাৰোৱা ) , ফাউষ্ট ( গ্যেটে ) , মোৰ সত্যানুসন্ধানৰ কাহিনী ( মহাত্মা গান্ধী ) , প্ৰতিজ্ঞা ( প্ৰেমচান্দ ) , মাডাম বোভাৰী ( গুস্তাভ ফ্লবেয়ৰ ) , জীৱন , প্ৰেম আৰু মৃত্যু ( ম’পাছা ) , গ্যেটেৰ উপন্যাস ( গ্যেটে ) , এন ফ্ৰাঙ্কৰ ডায়েৰী ( এণ ফ্ৰাংক ) , ভালপোৱাৰ নীলা চৰাই ( বিশ্বৰ ২৮ খন দেশৰ প্ৰেমৰ কবিতা ) , গুপ্তজ্ঞান ( শৃংগাৰ ৰসাত্মক গল্প সংকলন ) , চন্দ্ৰত প্ৰথম মানুহ ( এইচ জি ৱেলচ ) , ৰাছিয়া আৰু আমেৰিকাৰ শ্ৰেষ্ঠ গল্প ( গল্প সংকলন ) , মেক্সিম গৰ্কীৰ গল্প ( গল্প সংকলন ) , ল’ৰালিকাল ( মেক্সিম গৰ্কী ) আদি বিশ্বসাহিত্যৰ পঁয়ত্রিছখন গ্ৰন্থৰ জনপ্ৰিয় অনুবাদক , প্ৰাবন্ধিক , কবি , শিশু সাহিত্যিক মৌচম গগৈৰ সদ্য প্ৰকাশিত মৌলিক উপন্যাসদুখন হৈছে ” নিশিগন্ধা ” ( ৰেখা প্ৰকাশন ; গুৱাহাটী ) আৰু ” মাধৱেন : এটা নিঃসংগ ল’ৰাৰ আত্মকথা ” ( শিশু উপন্যাস , গ্ৰন্থবাৰ্তা প্ৰকাশন ) । উল্লেখ্য যে , কবিতাৰে লেখকজীৱনৰ পাতনি মেলি প্ৰায় তিনিটা দশক অনুবাদৰ স’তে জড়িত হৈ থকাৰ পিছত ” নিশিগন্ধা ” হৈছে পাঠকসমাজৰ প্ৰতি মৌচম গগৈৰ প্ৰথমখন মৌলিক উপন্যাস ।

৭০ খন গ্ৰন্থৰ লেখকগৰাকীয়ে বিশ্বসাহিত্যৰ বিভিন্ন বিখ্যাত আৰু জনপ্ৰিয় উপন্যাস অনুবাদ কৰিছে যদিও মৌলিক উপন্যাস ৰচনাৰ পৰা কিন্তু সুদীৰ্ঘ দিন আঁতৰি আছিল ।

ইয়াৰ কাৰণ কি আৰু ” নিশিগন্ধা ” উপন্যাসখনৰ কাহিনীৰ মূল উপজীৱ্য কি , এই বিষয়ে তেখেতে ” নিশিগন্ধা “-ৰ পাতনিত এইদৰে উল্লেখ কৰিছে :

” সুদীৰ্ঘ দিন ধৰি মই অনুবাদ সাহিত্যৰ স’তে জড়িত হৈ আছোঁ বাবেই হয়তো , যিকোনো গল্প-উপন্যাসাদিৰ সাধাৰণ আৰু গতানুগতিক বিষয়বস্তুৱে ( Theme ) মোক সহজে আকৰ্ষণ নকৰে । সেয়ে মৌলিক গল্প-উপন্যাস ৰচনাৰ ক্ষেত্ৰত মই বহুদিন ধৰি এক ব্যতিক্ৰমী তথা অভিনৱ বিষয়বস্তুৰ সন্ধানত আছিলো , কিন্তু সেই ব্যতিক্ৰমী আৰু অভিনৱ বিষয়বস্তুটো ইমানদিনে বিচাৰি পোৱা নাছিলো ।
২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত মই এখন বিশেষ সভালৈ আমন্ত্ৰিত হৈ গৈছিলো । সেই সভাত ডিম্বেশ্বৰ বৰুৱা নামৰ এজন প্ৰধান শিক্ষকে তেখেতৰ বক্তৃতাত প্ৰসঙ্গক্ৰমে মোৰ উপন্যাসখনৰ মুখ্য চৰিত্ৰ খগেন উৰাঙৰ বিষয়ে যিখিনি কথা ক’লে , সেই কথাখিনিয়ে মোৰ কেৱল হৃদয় স্পৰ্শ কৰাই নহয় , মোৰ দুচকু সেমেকাই তুলিলে , মোৰ অন্তৰাত্মা আলোড়িত কৰি তুলিলে ।
সভাত বৰুৱাই কোৱা অবিশ্বাস্য যেন লগা কথাখিনিৰ সত্যতাৰ সন্ধানত মই এদিন খগেন উৰাঙক বিচাৰি তেওঁৰ ঘৰ ওলালোগৈ । তেওঁৰ মুখত তেওঁৰ উপন্যাসোপম কাৰুণ্যভৰা জীৱন-কাহিনী শুনি মই বৰ ব্যথিত হলো । বিচলিত হলো । মোৰ মনলৈ আহিল বিশ্ববিখ্যাত আমেৰিকান লেখক আৰ্ণেষ্ট হেমিংৱেৰ নোবেল বঁটা বিজয়ী ” The old man and the sea ” কালজয়ী উপন্যাসখন , যিখন উপন্যাসত ঔপন্যাসিক হেমিংৱেই সমগ্ৰ বিশ্বমানৱৰ বাস্তৱ জীৱন-সংগ্ৰামৰ কাহিনী উপস্থাপনৰ দ্বাৰা ঘোষণা কৰিছে যে , A man can be destroyed but not defeated । খগেন ওৰাং ওৰফে কানাইৰ উপন্যাসোপম কাৰুণ্যভৰা জীৱন-কাহিনীৰে ৰচিত মোৰ
” নিশিগন্ধা ” উপন্যাসখনিৰ এয়ে হৈছে নেপথ্যৰ কথা…….।”
বাস্তৱ চৰিত্ৰ আৰু সম্পূৰ্ণ সঁচা কাহিনীৰ আধাৰত ৰচিত ” নিশিগন্ধা ” নিঃসন্দেহে এখন ব্যতিক্ৰমী উপন্যাস । আনহাতে , দিব্যাংগসকলৰ প্ৰত্যাহ্বানমূলক সংগ্ৰামী জীৱনৰ আধাৰত ৰচিত এইখনেই খুব সম্ভৱ প্ৰথমখন অসমীয়া উপন্যাস । সংক্ষিপ্তকৈ উপন্যাসখনৰ কাহিনীভাগ এনেধৰণৰ :
কানাই নামৰ এজন দিব্যাংগ ব্যক্তি যিজনে ভিক্ষা বৃত্তিৰে জীৱন নিৰ্বাহ কৰে । বিত্তীয় অথবা আৰ্থিক দিশত তেওঁ দৰিদ্ৰ হ’লেও তেওঁৰ মন আৰু হৃদয়খন কিন্তু হাজাৰ হাজাৰ বিত্তৱান ব্যক্তিতকৈও বহুগুণে চহকী । সেইবাবেই তেওঁ নিজে ভিক্ষা বৃত্তিৰে পোৱা টকাৰেই গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ কণকণ ল’ৰা-ছোৱালীহঁতক সিহঁতৰ প্ৰয়োজন সাপেক্ষে কেতিয়াবা কাগজ , বহী , কলম , পেঞ্চিল আদি কিনি দিয়ে । সিহঁতক গীত-মাত-ঢোল-হুঁচৰি আদি শিকায় বহাগ বিহুৰ সময়ত । নিৰক্ষৰ হৈও বহুত শিক্ষিত মানুহতকৈ সুন্দৰ তেওঁৰ কথা-বতৰা , আচাৰ-আচৰণ , ধ্যান-ধাৰণা , চিন্তা-চৰ্চা আৰু ব্যৱহাৰপাতি । তেওঁৰ উদাৰ আৰু সহৃদয় ব্যক্তিত্বৰ মোহত পৰি সুলেখা নামৰ এজনী সুন্দৰী যুৱতী তেওঁৰ প্ৰেমত পৰে আৰু তেওঁলৈ বিবাহ হৈ আহে । কিন্তু বিবাহৰ এবছৰ পিছত সুলেখা যেতিয়া চাহ বাগানত পাত চিঙিবলৈ যাবলৈ লয় , তেতিয়া তাইৰ ৰূপ-যৌৱন দেখি চাহ বাগিচাৰ অন্যান্য শ্ৰমিকসকল অভিভূত হৈ পৰে আৰু এজন দিব্যাংগ লোকলৈ পলাই অহাৰ বাবে তাইক তেওঁলোকৰ এচামে উপলুঙা কৰিবলৈ আৰম্ভ কৰে । সুলেখা প্ৰথম অৱস্থাত এই কথাত ক্ৰোধিত হৈছিল যদিও ধৈৰ্যসহকাৰে দৃঢ়মনে আছিল । কিন্তু লাহে লাহে তাইৰ মন ঘূৰিবলৈ লয় আৰু তাই বাগিচাৰ ৰাহুল নামৰ পাহোৱাল ডেকাজনৰ প্ৰেমত পৰে । এইকথা লাহে লাহে সকলোৱে জানিব পাৰে । আনকি সুলেখাৰ শাহুৱেকৰ কাণতো পৰে । শাহুৱেকে সুলেখাক তেতিয়া কথাই কথাই গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে । ই তাইৰ বাবে লাহে লাহে এক মানসিক নিৰ্যাতন সদৃশ হৈ পৰে । ক্ৰমশঃ অতিষ্ঠ হৈ তাই এদিন কানাইক নিসংগ কৰি মাকৰ ঘৰলৈ ঘূৰি যায় ।
সুলেখাক হেৰুৱাই কানাই মানসিকভাৱে ভাগি পৰাই নহয় , তেওঁ আত্মহত্যা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এদিন মাজৰাতি নিজৰ ঘৰৰ পিছফালৰ পুখুৰীত এই উদ্দেশ্যে জাপ দিয়ে । কিন্তু আত্মহত্যাত তেওঁ সফল নহৈ দৈৱলীলাক্ৰমে ৰক্ষা পৰে ।
প্ৰিয়তমা-বিচ্ছেদ আৰু জীৱনৰ এই কৰুণ ঘটনাই কানাইৰ জীৱনলৈ লৈ আহে এক ব্যাপক মানসিক পৰিৱৰ্তন । যিহেতু মুগ্ধ গোহাঁই নামৰ অধ্যাপক এজনৰ সান্নিধ্যলৈ আহি তেখেতৰ পৰা জীৱনৰ সংজ্ঞা আৰু জীয়াই থকাৰ অৰ্থ সম্পৰ্কে কানায়ে যি ব্যাখ্যা পালে , সেই ব্যাখ্যাই তেওঁক দিলে জীৱন সম্পৰ্কে এক নতুন বোধ , দৃষ্টি আৰু দৰ্শন । জন্মান্ধ হৈ এই পৃথিৱীত জন্ম গ্ৰহণ কৰি জীৱনৰ প্ৰতিটো দিশতে , প্ৰতিটো পুৱাৰ প্ৰতিটো খোজতে চৰম প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগা হোৱাৰ বাবে জীৱন আৰু জীয়াই থকাৰ মোহ হেৰুৱাই যিজন কানায়ে আত্মহত্যাৰ চেষ্টা কৰিছিল , সেইজন কানায়েই যেতিয়া মুগ্ধ গোহাঁইৰ পৰা জানিব পাৰিলে যে এই পৃথিৱীত কেৱল তেৱেঁই দিব্যাংগ বা জন্মান্ধ হৈ জন্ম গ্ৰহণ কৰা নাই । পৃথিৱীত এনে বহুতো জন্মান্ধ ব্যক্তি আছে যিসকলে বিভিন্ন ক্ষেত্ৰত অসম্ভৱক সম্ভৱ কৰি জীৱন আৰু জীয়াই থকাৰ গভীৰ অৰ্থৰ প্ৰমাণ দাঙি ধৰিছে । আমেৰিকাৰ চিত্ৰশিল্পী জন ব্ৰামব্লিটে অন্ধ হৈও পৃথিৱীৰ এজন সফল চিত্ৰকৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে , কাৰণ তেওঁ অঁকা ছবি বিক্ৰী হৈছে বিশ খনতকৈও অধিক দেশত । অন্ধ হৈও ১৩০ খন দেশ ভ্ৰমণ কৰিছে ব্ৰিটিছ নাগৰিক টনী জাইলছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰিকোবোনোৱে অন্ধ হৈও ২০১১ চনৰ ২৯ জানুৱাৰী তাৰিখে গাড়ী চলাই অসম্ভৱক সম্ভৱ কৰি দেখুৱায় । ১৮৮০ চনৰ ২৭ জুনত জন্ম গ্ৰহণ কৰা হেলেন এডামচ আছিল প্ৰথমজন ব্যক্তি যিজনে অন্ধ আৰু বধিৰ হৈও কলেজৰ পৰা গ্ৰেজুৱেট ডিগ্ৰী সম্পন্ন কৰে আৰু পিছলৈ পৃথিৱী বিখ্যাত বক্তা আৰু লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে । কানায়ে মুগ্ধ গোহাঁইৰ পৰা জীৱনৰ প্ৰেৰণাদায়ী এই কথাখিনি জানিব পৰাৰ উপৰিও গীতা , বাইবেল , কোৰান , আৰু ত্ৰিপিটকত জীৱন , মৃত্যু , আত্মহত্যা , পাপ , পুণ্য আৰু কৰ্ম সম্পৰ্কে যি ব্যাখ্যা আৰু জ্ঞান লাভ কৰিলে , তাৰ দ্বাৰা জীৱন সম্পৰ্কে তেওঁৰ দৃষ্টি আৰু দৰ্শন অত্যন্ত ইতিবাচক হৈ পৰিল । জীৱনৰ যন্ত্ৰণা আৰু হৃদয়ৰ সমস্ত শূণ্যতাক জয় কৰাৰ গোপন মন্ত্ৰ তেওঁ লাভ কৰিলে মুগ্ধ গোহাঁইৰ পৰা । জীৱনৰ যন্ত্ৰণাক কেনেকৈ শিল্পলৈ ৰূপান্তৰ কৰিব পাৰি , যিদৰে মহাকবি গ্যেটে আৰু ডান্তেই কৰিছিল ; হৃদয়ৰ শূণ্যতাক কেনেকৈ পূৰ্ণতালৈ পৰিবৰ্তন কৰিব পাৰি অথবা শূণ্যতাক কেনেকৈ ” সেজীয়া শূন্যতা “ৰ ৰূপ দিব পাৰি , আৰু একমাত্ৰ সৎ কৰ্মৰ দ্বাৰা পৰিচালিত হৈ কেনেকৈ জীৱনৰ হেৰোৱা সুখ-শান্তিৰ ঐশ্বৰ্য ঘূৰাই পাব পাৰি ( যিকথা ” গীতা ” গ্ৰন্থৰ কৰ্মযোগত কোৱা হৈছে ) ——- এই আটাইবোৰৰ গোপন মন্ত্ৰ অথবা উপায় তেওঁ লাভ কৰিছে মুগ্ধ গোহাঁইৰ পৰা । জাৰ্মানীৰ কবি গ্যেটেৰ জীৱন-দৰ্শন , ” গীতা ” গ্ৰন্থৰ জীৱনদায়িনী অমৃত বাণী আৰু মুগ্ধ গোহাঁইৰ লগত হোৱা কথোপকথনৰ দ্বাৰা অনুপ্ৰাণিত হৈ কানাই নিৰক্ষৰ আৰু দিব্যাঙ্গ হৈও তেওঁৰ পিছপৰা সমাজ তথা গাঁওখনৰ সৰ্বাংগীন বিকাশযাত্ৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে : বিদ্যালয় প্ৰতিস্থা কৰিছে ; হুঁচৰি মাৰি , লটাৰিখেল খেলাই তাৰ লাভাংশৰ টকা আৰু নিজে ভিক্ষা কৰি পোৱা দহ হাজাৰ টকাৰে মহন্ত গোসাঁইৰ দ্বাৰা নামঘৰ প্ৰতিষ্ঠা কৰাইছে ; নিজে জন্মান্ধ হৈও ঘনঘোৰ অন্ধকাৰত ডুব গৈ থকা গাঁওখনত বিজুলী সংযোগকৰণৰ ব্যৱস্থা কৰিছে ; পথ পকীকৰণত আগভাগ লৈছে , গাঁওখনৰ নাৰীসকলৰ হৃত মৰ্যাদা ঘূৰাই অনাৰ স্বাৰ্থত গাঁৱত বিশ্ব নাৰীদিৱস উদযাপনত মুখ্য ভূমিকা গ্ৰহণ কৰিছে ; চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা তেওঁৰ গাঁৱৰ হোজা মানুহখিনিক আঁচনিৰ সুবিধা পোৱাৰ ক্ষেত্ৰত আগভাগ লৈছে …… ইত্যাদি । এনেকৈ বিভিন্ন কৰ্মৰ আদৰ্শৰে কানাই সহজ-সৰল মনৰ তেওঁৰ গাঁওবাসীসকলৰ মানসপটত এজন জাতীয় নায়কত পৰিণত হৈছে । সেয়ে বিশ্ব দিব্যাংগ দিৱসৰ দিনা গাওঁবাসী ৰাইজে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে ।
কিন্তু এয়া ” নিশিগন্ধা ” উপন্যাসৰ কাহিনীৰ কেৱল ৰূপৰেখাহে । ইয়াক পূৰ্ণাঙ্গ ৰূপ দিবলৈ যাওঁতে ঔপন্যাসিকে চাহ জনগোষ্ঠীসকলৰ জীৱনধাৰণ , লোকবিশ্বাস , পৰম্পৰা , তেওঁলোকৰ উৎসৱ-পাৰ্বন ( যেনে টুচু পূজা , কৰম পূজা ), জন্ম-মৃত্যুত পালন কৰা ৰীতি-নীতি , বিবাহ পদ্ধতিকে আদি কৰি চাহপাত ছিঙাৰ নিয়ম , চুলাই বনোৱাৰ পদ্ধতি , চাহবাগিচাৰ চিৰসেউজ মনোৰম প্ৰাকৃতিক পৰিবেশৰ অপূৰ্ব বৰ্ণনা আদিও কৌশলপূৰ্ণতাৰে সাঙুৰি লৈছে। ফলত উপন্যাসখনে কেৱল অধিক প্ৰাণময়তা লাভ কৰাই নহয় , বৰং ই চাহবাগিচাৰ চহা লোকসকলৰ এখন অনুপম ছবি অংকন কৰাতো সাৰ্থকতা লাভ কৰিছে ।
মৌচম গগৈৰ অনুবাদেই হওক অথবা মৌলিক সকলো গ্ৰন্থতে বিচাৰি পোৱা যায় জীৱন আৰু জীয়াই থকাৰ অফুৰন্ত প্ৰেৰণা ।” নিশিগন্ধা ” এখন উপন্যাস হৈও ই যেন চৰম প্ৰত্যাহ্বানেৰে জীয়াই থকা সকলৰ বাবে এক গোপন শক্তিমন্ত্ৰ আৰু জীৱনৰ এক অমৃতময় প্ৰেৰণাস্বৰূপ হৈ পৰিছে । ১৭০ পৃষ্ঠাৰ এই উপন্যাসখন পঢ়িলে মনলৈ আহে নোবেল বঁটা বিজয়ী ” THE OLD MAN AND THE SEA ” উপন্যাসখনলৈ । এই উপন্যাসখনৰ জড়িয়তে হেমিংৱেই যিদৰে প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে , ” Man can be destroyed but not defeated ” ; সেইদৰে মৌচম গগৈয়ে তেখেতৰ উপন্যাস ” নিশিগন্ধা “-ৰ জড়িয়তে যেন জীৱনৰ এই চৰম সত্যক প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছে যে , ” There is nothing impossible in human life or in this world. Everything is possible if there is a wave of willpower . “

উপন্যাসখনৰ কিছু মনপৰশা অথবা হৃদয়স্পৰ্শী বৰ্ণনা :
(১) ” প্ৰথম অস্তমিত বেলিটো পকা সুমথিৰাৰ বৰণ লৈ পশ্চিমাকাশত ওলমি থকা দেখি এনে লাগিছিল যেন সেয়া আছিল তাৰ প্ৰাক সন্ধ্যাত বিদায় বেলাৰ বিষণ্ণতা । পশ্চিমৰ আকেশেদি উৰি গৈছিল এজাক ঘৰমুখী চৰাই । পাতল কুঁৱলীৰ বাবেই হয়তো চোতালৰ বন সেমেকি উঠিছিল । ” ( পৃষ্ঠা সংখ্যা : ৩৫ )

(২) ” ঘৰলৈ উভতি আহিবলৈ লৈ তাই দেখিলে , মেঘমুক্ত বিস্তীৰ্ণ আকাশৰ বুকুত বহাগ মাহৰ পূৰ্ণিমাৰ জোনটো ওলমি আছে , চৌদিশে বিয়পি পৰিছে ফৰিং ফুটা জোনাক , আৰু জোনাকৰ অম্লান আলোকত চাহ গছৰ কোমল সেউজীয়া কুঁহিপাতবোৰে যেন স্নান কৰি আছে । কি যে অপূৰ্ব সুন্দৰ দৃশ্য ! সুলেখা এক মূহুৰ্তৰ বাবে এই নয়নাভিৰাম দৃশ্যৰ মায়াত বন্দী হৈ পৰিল । নপৰিবনো কিয় ? এই চাহ বাগিচাৰ মাজতেই তো সিহঁতৰ সপোন , জীৱন , প্ৰেম , যৌৱন আৰু মৰণ । হঠাতে তাইৰ মনলৈ আহিল ঝুমুৰ গীতৰ এটি কলি :

          ৰে'ল গাড়ী গ চলে ঘনে ঘনে
         দেশ চাড়ে  আইলি আসাম
          ভুলালি গ দেশেৰ নাম
         আসাম দেশে খুলিলি বাগান
          বানাই দেলি হামৰা
          সোনাৰ আসাম..... ।" ( পৃষ্ঠা সংখ্যা : ১৪ )

(৩) ” আয়নাত প্ৰতিবিম্বিত হৈ উঠা তাইৰ সেওতাৰ সেন্দূৰকণ আৰু কপালত দগমগীয়া ৰঙা ফোঁটটোলৈ বাৰে বাৰে চাই তাই ভাবিলে —– সামান্য এই ৰঙা সেন্দূৰকণেও এগৰাকী নাৰীৰ ৰূপত ইমান অনিন্দ্য প্ৰাণ আৰু ইমান বেছি নান্দনিক সৌন্দৰ্য ঢালিব পাৰেনে ? “
( পৃষ্ঠা সংখ্যা : ৪৩ )

(৪) পৃথিৱীৰ সৰহভাগ মানুহেই ভাৱে যে , চৰম দুৰ্ভাগ্যৰ ফলতহে জীৱনলৈ শূণ্যতা আহে । এই ধাৰণাটো একেবাৰে ভুল । আচলতে , পৰম সৌভাগ্যৰ বলতহে জীৱনলৈ শূণ্যতা আহে । গ্ৰহণ কৰিব জানিলে শূণ্যতাও হৈ পৰে জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ । ” ( পৃষ্ঠা সংখ্যা : ১১৭)
এনে কাৰণতে ” নিশিগন্ধা ” হৈ পৰিছে এখন সম্পূৰ্ণ ব্যতিক্ৰমী অথচ অতি সুখপাঠ্য উপন্যাস ।

Leave a Reply

Your email address will not be published. Required fields are marked *