
🦚🌹বালিমাহী বালিচাঁহী🌹🦚
ডাঃ কুমুদ কুমাৰ দত্ত
প্ৰকাশক:- শ্ৰী ৰমেশ প্ৰসাদ লডিয়া
সৰস্বতী প্ৰকাশন
এখন হাস্যৰসিক কবিতা পুথি।
‘বালিমাহী বালিচাঁহী’ ৰ অন্তৰ্গত দুটা ভাল লগা কবিতা আপোনালোকলৈ……
“টোপনি টোপনি হাড়লি টোপনি
সন্ধিয়াতে নাহিবি আহিবি ৰাতি
ঠাক্ ঠাক্ কিতাপ দেখি
সৰস্বতীক ধ্যান কৰি
কিতাপতে শুই ৰামে মাৰে এটি ঘুমটি। “
💐💐💐💐💐💐💐💐💐💐💐💐💐💐
"ফস্তি মাৰি অকণি শুই থাকে পুৱা
জগাই দি মাকে কয় পঢ়া - শুনা কৰা
কিতাপখন আগত লৈ
ভাবি থাকে কলম লৈ
কোনেনো বাৰু মহাশত্ৰু স্কুলখন পতা। "

