💐বিজ্ঞান বিষয়ক কল্প কাহিনীৰ প্ৰতি সৰুৰে পৰা আকৰ্ষণ অনুভৱ কৰি আহিছিলোঁ।💐

চেমনীয়া বয়সতে টেলিভিছনৰ পৰ্দাত ‘ষ্টাৰ ট্ৰেক’ চাই কল্পনাৰ সাগৰত বুৰ গৈছিলোঁ।

বৰ্হিজগতৰ গ্ৰহ উপগ্ৰহলৈ গৈ মানুহে অন্য গ্ৰহৰ প্ৰাণী বা এলিয়েনক লগ পোৱা কাহিনীবোৰে মনত কৌতূহল আৰু উত্কণ্ঠাৰ সৃষ্টি কৰিছিল।

মানুহে এলিয়েনৰ লগত মুখামুখি হোৱা কাল্পনিক গল্পবোৰ পঢ়ি বৰ ৰস অনুভৱ কৰিছিলোঁ আৰু ৰোমাঞ্চিত হৈছিলোঁ।

এনে কাহিনীৰে নিজেই কিবা এখন লিখি উলিয়াবলৈ বৰ মন আছিল।

শ্ৰদ্ধাৰ ভবেন্দ্ৰ নাথ শইকীয়া, লক্ষ্মীনন্দন বৰা, দীনেশ চন্দ্ৰ গোস্বামী, বন্দিতা ফুকন আদি বৰেণ্য লেখকে বিজ্ঞান আৰু কল্প বিজ্ঞানৰ লেখাৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধিশালী কৰিছে যদিও আমাৰ সাহিত্যত কল্প বিজ্ঞানৰ কাহিনী এতিয়াও তেনেই সীমিত।

কল্প বিজ্ঞানৰ কাহিনীৰে, অদূৰ ভৱিষ্যতে হ’বলগীয়া বিজ্ঞানৰ চমকপ্ৰদ উত্থানৰ আশাৰ বতৰাৰে ‘ডিভাইন কোড’ লিখি উলিয়াইছিলোঁ।

উপন্যাসখন আৰম্ভ হৈছে এইদৰে –

“২০৭১ চনৰ ১৫ মে’
উত্তৰ গুৱাহাটী”

এই উপন্যাসখনত কল্প বিজ্ঞানৰ লগতে আছে এটা Murder Mystery, যিটোৱে পাঠকক শেষলৈ আবদ্ধ কৰি ৰাখিব পাৰিব বুলি আশা কৰিছোঁ।

এই উপন্যাসতে পাঠকে লগ পাব সুদূৰ বৃহস্পতি গ্ৰহৰ উপগ্ৰহ ইউৰোপাৰ পৰা আহি চন্দ্ৰত বসতি স্থাপন কৰা এলিয়েন বোৰক।

সন্মুখীন হ’ব চন্দ্ৰপৃষ্ঠৰ মাটিত পৃথিৱীৰ মানুহ আৰু এলিয়েনৰ মাজত হোৱা সংঘাটৰ।

উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অগ্ৰণী গ্ৰন্থ প্ৰকাশক ‘বনলতা’ই।

যোৰহাট, ধেমাজী আৰু অন্যান্য স্থানত অনুস্থিত হৈ থকা গ্ৰন্থমেলা সমূহত ‘বনলতা’ৰ বিপনিত এই উপন্যাসখন চকুত পৰিলে এবাৰ হাতত লৈ চাবলৈ সকলোকে অনুৰোধ কৰিলোঁ।

💐💐💐💐দীপাংকৰ মল্ল বৰুৱা💐💐💐💐💐

Leave a Reply

Your email address will not be published. Required fields are marked *