💐💐💐দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা💐💐

দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনৰ প্ৰেক্ষাপট হ’ল দক্ষিণ কামৰূপৰ আমৰঙা সত্ৰ আৰু সত্ৰক কেন্দ্ৰ কৰি গঢ় লৈ উঠা সমাজখন।

মামণি ৰয়ছম গোস্বামীয়ে কামৰূপীয়া ঠাচৰ অসমীয়া ভাষাৰে ৰচনা কৰিছে।

সত্ৰৰ অধিকাৰ গোসাঁইৰ ঘৰখনক কেন্দ্ৰ কৰিয়েই উপন্যাসখনৰ কাহিনী নিৰ্মাণ কৰা হৈছে।

ইয়াত দ্বিতীয় মহাযুদ্ধৰ শেষৰ ফালৰ সময়ৰ পৰিবেশত আধুনিকতাৰ প্ৰৱেশত ভাগি পৰিবলৈ আৰম্ভ কৰা সামাজিক গোড়ামীৰ এখন চিত্ৰ চিত্ৰায়িত কৰা হৈছে।

এই উপন্যাসখন তেখেতে নিজেই ইংৰাজীলৈও অনুবাদো কৰিছিল।

কিতাপখনৰ পাতনিত তেখেতে লিখিছে -“….লিখকে নিজে অনুবাদ নকৰি অন্য ব্যক্তিয়ে কৰিবলৈ কঠিন হ’লহেতেন।

অসমীয়া ভাষাৰ কামৰূপী ঠাচ বুজি পোৱা মানুহ খুব কমেইহে ওলাব।

তদুপৰি ভাষাটোৰ কিছুমান শব্দৰ প্ৰচলনো আজি কালি নাইকিয়া হ’ল।

“উপন্যাসখনৰ বাবে লাভ কৰা জ্ঞানপীঠ বঁটা স্বীকাৰ কৰা সময়ত লেখিকাৰ ভাষণত উপন্যাসখনৰ মূল চৰিত্ৰ “দুৰ্গা” নামৰ বাল্য বিধবা গৰাকীয়ে ভোগ কৰা যাতনাৰ প্ৰসংগত তেখেতে সেই সময়ৰ উচ্চবংশীয় বিধবাৰ হতাশাৰ কথা বৰ্ণনা কৰি কৈছিল যে, লিখাৰ শক্তি নথকা হ’লে হয়তো তেওঁ আত্মহত্যাই কৰিলেহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *