
❤️❤️❤️ প্ৰথম গল্প সংকলন “চিনাকি মৰম“❤️❤️❤️
তেৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা কৰা মামণি ৰয়ছম গোস্বামীয়ে প্ৰথমাৱস্থাত চুটিগল্প ৰচনাৰে আত্মপ্ৰকাশ কৰিছিল।
১৯৫৫ চনত কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত নতুন অসমীয়াৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে।
১৯৬২ চনত তেওঁৰ প্ৰথম গল্প সংকলন “চিনাকি মৰম“ প্ৰকাশ পায়।
তেতিয়াৰে পৰা ২০১০ চনলৈকে প্ৰায় পাঁচ দশকত তেওঁ কেইবাখনো উৎকৃষ্ট মানদণ্ডৰ গল্প ৰচনা কৰি অসমীয়া চুটিগল্পৰ ভঁৰাল টনকিয়াল কৰিছে। ড° মামণি ৰয়ছম গোস্বামীয়ে বিভিন্ন সমাজ বা পটভূমিৰ ভেঁটিত গল্পসমূহ ৰচনা কৰিছিল।
নাৰী জীৱনৰ মন:স্তাত্বিক দিশ বিশ্লেষণেৰে গোস্বামীৰ একাংশ গল্পৰ কাহিনী বৰ্ণনা কৰা হৈছে।
ইয়াৰ উপৰিও মামণি ৰয়ছম গোস্বামীৰ গল্পবোৰ একোটা অঞ্চল, একোখন সমাজৰ জীয়া ইতিহাস বুলি ক’লেও ভুল কোৱা নহয়।
ড° মামণি ৰয়ছম গোস্বামীৰ সংকলিত গল্প সংকলন কেইখনৰ নাম হ’ল- ১৯৬২ চনত প্ৰকাশিত চিনাকি মৰম, ১৯৬৬ চনত প্ৰকাশিত কইনা, ১৯৯০ চনত প্ৰকাশিত হৃদয় এক নদীৰ নাম, ১৯৯৮ চনত প্ৰকাশিত মামনি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প আৰু ১৯৯৮ চনত মামনি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প।
অন্যহাতে ২০১৯ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাই মামণি ৰয়ছম গোস্বামীৰ অসংকলিত অৰ্থাৎ পূৰ্বে তেখেতৰ কোনো গল্প সংকলনতে সন্নিবিষ্ট নোহোৱা আঠাইশটা গল্পৰ সংকলন ‘মেগনলীয়া’।

