
লেখিকা, অধ্যাপিকা ড° স্তুতি ৰঞ্জিত কোঁৱৰ (ড° স্তুতি বৰগোহাঁই) এ গুৱাহাটী বিশ্ববিদ্যালয়ৰ Institute of Advanced Study in Science and Technologyৰ পৰা গণিত শাস্ত্ৰত ডক্টৰেট ডিগ্ৰী লাভ কৰি ২০০৯ৰ পৰা ২০১২ চনলৈ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা (DST) বিভাগৰ অর্থ সাহায্যৰে আই আই টি ব’ম্বেৰ গণিত বিভাগত Women Scientist – A হিচাপে যোগদান কৰে।
পিছলৈ একেটা প্রতিষ্ঠানতে পোষ্ট ডক্টৰেট গৱেষণা (National Board of Higher Mathematics, Department of Atomic Energy ৰ অৰ্থ সাহায্যৰে) অব্যাহত ৰখা লেখিকাই পোষ্ট ডক্টৰেট গৱেষণা সংক্রান্তীয় কামতে (জলপানিৰ সহায়ত) তুৰস্ক আৰু মালয়েছিয়ালৈ বহুকেইবাৰ যোৱাৰ সুবিধা লাভ কৰে।
লেখিকা মুম্বাইৰ Institute of Chemical Technologyৰ গণিত বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপিকা।
লেখিকাই ২০২০ চনত মহাৰাষ্ট্ৰ চৰকাৰৰ চিত্ৰ সূত্ৰ আৰ্ট একাডেমীৰ পৰা বিশ্ববিখ্যাত শিল্পী বিক্ৰান্ত শিতোলেৰ নিৰ্দেশনাত কলা মৌলিক পাঠ্যক্রম সম্পূৰ্ণ কৰিছে।
নেহৰু আৰ্ট চেণ্টাৰৰ দৰে বহু সন্মানীয় আৰ্ট গেলেৰীতো তেওঁৰ শিল্পকৰ্ম প্ৰদৰ্শিত হৈছে। বৰ্তমান তেওঁ বহুতো কলা প্ৰকল্পৰ সৈতে জড়িত আৰু ভাৰতীয় জনজাতীয় কলাৰ গৱেষণামূলক কাম কৰি আছে।
লেখিকাৰ ইতিমধ্যে প্রকাশিত ‘পামুকৰ দেশত’, ‘প্ৰতিসৰণ’, ‘মুখ-প্রতিমুখ’-এ পাঠক সমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

