
❤️🌹🌹🌹🌹❤️মেগনলীয়া❤️🌹🌹🌹🌹🌹❤️
স্নিগ্ধ মসৃণ এটি নীৰৱ মুহূৰ্তত হঠাৎ সাৰ পাই উঠিল মনৰ মাজত লুকাই থকা অচিনাকি নীৰৱ মানুহজনী, কবৰীত গুঁজি ল’লে তাই পৃথিৱীৰ তেজেৰে ৰঙা এথোপা কৃষ্ণচূড়া।
— ঃ গাই যা মেগনলীয়া আকৌ ৰ’লি কিয়?
মোৰ গোটেই ভাবৰ স্তূপটোকেতই ধ্বংস কৰি দিলি !
….অপৰাৰ গাৰ মৃদু পৰশত কোমল দূবৰিবোৰত বহি থকা নিয়ৰবোৰ বাগৰি গ’ল ৷
পাতল হাঁহি এটা মাৰি ক’লে মেগনলীয়াই।
: কবিতা কেৱল কবিতা কিমান শুনায় আৰু তোক!
এয়া ঘণ্টাৰ পিছত ঘণ্টা শেষ হৈ গ’ল তোক কবিতা শুনাওঁতে মোৰ কি আৰু কোনো কামেই নাই।
— ঃ মেগনলীয়া এতিয়া ভাবিছোঁ পৃথিৱীত মানুহ ইমান সুখী কেনেকৈ হ’ব পাৰে!
ঈশ্বৰ বোলা বস্তুটো কিয় ইমান স্বাৰ্থপৰ হ’ল !
— ঃ প্রশ্নপূর্ণ হাঁহি এটা মাৰি ক’লে মেগনলীয়াই
– ঃ তই বাৰু কাক উদ্দেশ্য কৰি এইষাৰ কথা কৈছ !
পুখুৰীৰ উজ্জ্বল জলধৰ ফেনিল তৰংগলৈ চাই অপৰাই মাথোঁ হাঁহিলে…
—ঃ বুজিছ মেগনলীয়া আমাৰ ভাববোৰ চিৰদিন বন্ধ্যা হৈয়ে ৰ’ল, তোৰ সংগীতৰ ধ্বনিত পৃথিৱীয়ে যে হাঁহিৰ মেগ !
তোৰ কবিতাৰ ভাষাই চিৰবসন্তকো হাতবাউল দিব।
হৈছে অপৰা বহুত হৈছে আজিকালি দেখিছোঁ আন সকলোবোৰৰ দৰে তোৰ মুখতো একেবোৰ কথাই শোভা পাইছে।
আধা গুঁঠা ছুৱেটাৰটোত হাত দিবলৈ আৰু ইচ্ছা নগ’ল অপৰাৰ – আকৌ যত্নৰে…..
আহক পঢ়িব ‘মেগনলীয়া’।

