
💐ব্যক্তিত্ব বিকাশ (personality development) তথা আত্মোৎকৰ্ষৰ বাবে প্ৰেৰণাদায়ক অসমীয়া ৰচনাৰ ক্ষেত্ৰত লক্ষ্মীনাথৰ ‘কামত কৃতিত্ব লভিবৰ সংকেত’ আৰু ‘বাখৰ’ বাটকটীয়া স্বৰূপ।💐
সত্যনাথৰ ‘সাৰথি’ও এইক্ষেত্ৰত লেখত ল’বলগীয়া ৰচনা।
ইয়াৰ পাছত অসমীয়া লেখকৰ ব্যক্তিত্ব বিকাশমূলক ৰচনা প্ৰায়েই স্তিমিত হৈ পৰিছিল যদিও বিভিন্ন ভাষাৰ তেনেধৰণৰ ৰচনাৰ অনুবাদে অসমীয়া পাঠকৰ প্ৰয়োজন পূৰণ কৰিছে।
হোমেন বৰগোহাঞি, দেৱকান্ত সন্দিকৈ, মানিক দাস, প্ৰহ্লাদ কুমাৰ বৰুৱাৰ দুই-এক ৰচনাৰ মাজত অসমীয়া লেখকৰ এই ধাৰা বৰ্তি থকাৰ সময়তে প্ৰাঞ্জল বেজবৰাৰ এই গ্ৰন্থখনে এক নতুন বাৰ্তা বহন কৰিছে।
লক্ষ্মীনাথ আৰু সত্যনাথৰ চিন্তা-চেতনা-উদ্দীপনাৰ আৰ্হিত মৌলিক প্ৰকাশভংগীৰে Personality Development আৰু Soft Skills সম্পৰ্কীয় প্ৰসংগসমূহ অসমীয়া পাঠকৰ বাবে প্ৰেৰণাদায়ক হ’ব।
গ্ৰন্থৰ নামঃ ‘ব্যক্তিত্ব বিকাশৰ ডেৰকুৰি সংকেত’
লেখকঃ প্ৰাঞ্জল বেজবৰা
প্ৰকাশকঃ নক্সা বুকচ
মূল্যঃ ৮০/-

