🌹🌹 গোলাঘাট জিলাৰ আঠগাঁও মৌজাৰ চক্ৰধৰা গাঁৱৰ এটি খেতিয়কৰ পৰিয়ালত ১৯৪৯ চনৰ ২২ মাৰ্চ তাৰিখে শ্রী গুণাৰাম খনিকৰে জন্ম গ্ৰহণ কৰে।🌹🌹

খনিকৰ পিতৃৰ নাম চন্দ্ৰ খনিকৰ আৰু মাতৃৰ নাম দেৱেশ্বৰী খনিকৰ আছিল।

সৰুৰে পৰাই খনিকৰে বনৌষধিৰ বিভিন্ন গছ-বনৰ লগত চিনাকি হোৱাৰ লগতে নানা ধৰণৰ সহজলভ্য বনদৰৰ শিকিবলৈ আৰম্ভ কৰে আৰু মাক-দেউতাকৰ পৰা এই দিশত প্ৰচুৰ প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়।

গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত বিজ্ঞানৰ স্নাতক পর্যায়লৈকে শিক্ষা গ্ৰহণ কৰে আৰু ২০০১ চনত ইমানেই ইউনিভাৰচিটিৰ পৰা মাষ্টাৰ ইন ইমানেইপেথিক (এম. ৱাই) সোণৰ পদক সহ উপাধি লাভ কৰে।

তেখেতে সমগ্ৰ মানৱ জাতিৰ কাৰণে সেৱা আগবঢ়োৱাৰ উপৰিও বহুমূত্র, মেলেৰিয়া আৰু বুকুৰ ধপধপনি ৰোগৰ বনৌষধি উদ্ভাৱন কৰাৰ বাবে আহমেবাদৰ নেশ্যনেল ইন’ভেচন ফাউণ্ডেচনে ২০০১ চনত নতুন দিল্লীত শ্ৰী গুণাৰাম খনিকৰক ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত কৰে।

১৯৯৭ চনত অসম চৰকাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও ভাৰতবৰ্ষৰ ৩৫০ টাতকৈও অধিক বে-চৰকাৰী তথা অনুষ্ঠান-প্ৰতিষ্ঠানে শ্রীখনিকৰক সম্বৰ্দ্ধনা জ্ঞাপন কৰে আৰু খনিকৰক বনৌষধিৰ ৰজা, বনৌষধিৰ সম্রাট, মানৱ মিত্র, ভেষজ ৰত্ন, বনৌষধিৰ বিশেষজ্ঞ, মানৱতাবাদী, বনৌষধিৰ বিজ্ঞানী, বনৌষধিৰ আচাৰ্য আদি উপাধিৰে বিভূষিত কৰে।

সৰুৰে পৰাই এখেতে বনৌষধি চৰ্চা কৰি আহিছে যদিও ১৯৭০ চনৰ পৰাহে একাণপতীয়াকৈ বনৌষধিৰ চিনাক্তকৰণ, অধ্যয়ন, সংগ্রহ, সংৰক্ষণ, প্ৰচাৰ, প্ৰসাৰ আদি বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব আহিছে। বৰ্তমানলৈকে বনৌষধিৰ বিষয়ত খনিকৰৰ ৩৪ খন কিতাপ প্রকাশ পাইছে আৰু ৮৫০ টাতকৈও অধিক লিখনি বিভিন্ন বাতৰি কাকত, আলোচনী, স্মৰণিকা আদিত প্ৰকাশ পোৱাৰ উপৰিও অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ যোগেদি প্ৰচাৰ কৰি আহিছে।

বনৌষধি বিষয়ক কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সভা আৰু প্ৰদৰ্শনীত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৯২ চনত গোলাঘাটৰ তেঁতেলীতলত ভাৰতীয় পাৰম্পৰিক চিকিৎসাৰ আঞ্চলিক গৱেষণা আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি বনৌষধিৰ প্ৰচাৰ, প্ৰসাৰ, অধ্যয়ন, সংৰক্ষণ, গৱেষণা আদিৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আছে।

খনিকৰ বৰ্তমান ভলেন্টৰী হেলথ্ এচ’চিয়েন অৱ অসমৰ চিনিয়ৰ প্ৰগেম অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

খনিকৰে প্ৰস্তুত কৰি উলিওৱা বহুমুত্ৰ, বুকুৰ ধপধপনি, উচ্চ ৰক্তচাপ, পিত্তৰোগ, পেটৰ ঘা, মেলিনা, কেচুমূৰীয়া, বাধক বেদনা, বগাস্ৰাৱ, মূৰ্গী, মেদ ৰোগ, দাতবিষ আদি ৰোগৰ বনদৰব দেশ-বিদেশত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

খনিকৰ ২০১০ চনত ‘ৰাষ্ট্ৰীয় গৌৰৱ এৱাৰ্ড (নতুন দিল্লী)’, ‘ইন্টাৰনেশ্যনেল গল্ড ষ্টাৰ এৱাৰ্ড” ২৮ মে ‘ ২০১০ তাৰিখে বেংকক, থাইলেণ্ড) ১৭ মে’ ২০১০ চনত ‘গল্ড এচিয়া ইন্টাৰনেশ্যনেল এৱাৰ্ড, (কাঠমাণ্ডু, নেপাল) লাভ কৰে।

২০১০ চনৰ ৩০ ডিচেম্বৰত থাইলেণ্ডৰ বেংককত ইন্টাৰনেশ্যনেল ইনটেলেক্‌চুৱেল এচিভমেন্ট এৱাৰ্ড ২০১০ বঁটা আৰু প্ৰশস্তি পত্ৰ গ্ৰহণ কৰে।

সমাজ সেৱক জীৱনজোৰা সাধনাৰ বাবে বঁটা আগবঢ়ায়।

২০১৩ বৰ্ষৰ ২৭ ডিচেম্বৰত ডি ৱাই ৩৬৫ দূৰদৰ্শন চেনেল যোগে খনিকৰদেৱ নির্বাচিত হয় ২০১৩ বৰ্ষৰ অসমীয়াৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *