🌹🌹টনি মৰিচন🌹🌹

১৯৯৩ চনত নবেল পুৰষ্কাৰ সন্মানিত টনি মৰিচন (১৯৩১-২০১৯) ‘সবাতোকৈ নীলা চকুযুৰি’ (The Bluest Eye, 1970) প্রথম উপন্যাস।

উপন্যাসখন প্ৰকাশৰ লগে লগেই আমেৰিকাৰ সাহিত্য জগতত তোলপাৰ লাগি যায় আৰু অচিৰেই টনি মৰিচন এক আন্তর্জাতিকভাৱে বিখ্যাত নাম হৈ উঠে।

দহখনকৈ উপন্যাসৰ উপৰিও দুখন নাটক, তিনিখন শিশু সাহিত্যৰ কিতাপ আৰু সাতখন চিন্তাশীল গ্ৰন্থ ৰচনা কৰা টনি মৰিচন বিখ্যাত প্রিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।

নবেল বঁটাৰ উপৰিও পুলিৎজাৰ বঁটাকে ধৰি আন বহুকেইটা বঁটাৰে সন্মানিত টনি মৰিচন বিশ্বসাহিত্যত আজি এক অতি পৰিচিত আৰু প্ৰভাৱশালী নাম ।

🌹🌹ড০ অৰূপা পটঙ্গীয়া কলিতা🌹

‘সবাতোকৈ নীলা চকুযুৰি’ৰ অনুবাদক ড০ অৰূপা পটঙ্গীয়া কলিতা সাহিত্য অকাডেমী, ভাৰতীয় ভাষা পৰিষদ সাহিত্য বঁটা আদি বাৰটা বঁটাৰে সন্মানিত এক বিশিষ্ট লেখক।

ভালেকেইখন উপন্যাস, চুটিগল্পৰ সংকলনৰ উপৰিও সৰু লৰা-ছোৱালীৰ বাবেও তেওঁ দুখন উপন্যাস লিখিছে।

চীনদেশৰ লোকগাঠা আৰু ৰাছিয়াৰ
সাধুকথাৰ দুখন কিতাপো তেওঁ অনুবাদ কৰিছে।

‘সবাতোকৈ নীলা চকুযুৰি’ নতুন পদাতিক আলোচনীত ধাৰাবাহিকভাৱে ওলাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *