❤️❤️❤️❤️❤️আহোমৰ দিন❤️❤️❤️❤️❤️

চাওলুং চুকাফাৰ অসমত প্ৰৱেশৰ পৰা আৰম্ভ কৰি আহোম ৰাজত্বৰ সমাপ্তিলৈকে বিশেষকৈ আহোম সকলৰ বিষয়ে বিশদ অধ্যয়নেৰে প্ৰণয়ন কৰা হৈছিল ‘আহোমৰ দিন ‘ শীৰ্ষক গ্ৰন্থখন।

এই অমূল্য গ্ৰন্থখনৰ প্ৰণেতা হ’ল প্ৰখ্যাত ভদৰি বৰবৰুৱাৰ অধস্তন পঞ্চম পুৰুষ হিতেশ্বৰ বৰবৰুৱা।

এক অসাধাৰণ কবি-প্ৰতিভাৰো অধিকাৰী বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই এটা বুৰঞ্জীপ্ৰসিদ্ধ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ সুবাদতে বুৰঞ্জীৰ জ্ঞানেৰে পুষ্ট হৈ উঠিছিল।

আজিৰ পৰা এশ বছৰ পূৰ্বে ৰচনা কৰা আহোম ৰাজত্ব সম্পৰ্কে অতি প্ৰামাণ্য দলিলস্বৰূপ এই ইতিহাস গ্ৰন্থখনত আহোমৰ দিনৰ ঘটনা প্ৰৱাহৰ উপৰি ভাষা-সাহিত্য-সংস্কৃতি, শিল্প -কলা, অৰ্থনীতি আদি বিষয়তো আলোকপাত কৰা হৈছে।

১৯৮১ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা এই মূল্যৱান গ্ৰন্থখনৰ আঠটা সংস্কৰণ প্ৰকাশ পাইছে।

৭৫০ টকা মূল্যৰ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *