
❤️❤️❤️❤️❤️অসমৰ ক্ৰিকেট- ইতিহাস❤️❤️❤️❤️
অসমত ক্ৰিকেট চৰ্চাৰ এটা ধাৰাবাহিকতা আৰু গৌৰৱপূৰ্ণ দিশ আছে যদিও খেলবিধৰ অসমত প্ৰভাৱ কেনেকুৱা বা ৰাজ্যখনত খেলবিধৰ আগমণ কেনেকৈ ঘটিল সেই কথা বহুতৰ অজ্ঞাত।
নীলিময় চৌধুৰী অসমৰ ক্ৰীড়াজগতৰ এটা সুপৰিচিত নাম।
অসমৰ ক্ৰীড়াজগতৰ সৈতে ওত:প্ৰোতভাৱে জৰিত চৌধুৰীয়ে অসমত ক্ৰিকেটৰ বিস্তাৰ কেনেকৈ হ’ল তাৰ আঁতি – গুৰি সামৰি ৰচনা কৰিছিল ‘অসমৰ ক্ৰিকেট-ইতিহাস’ নামৰ গ্ৰন্থখন।
অসম প্ৰকাশন পৰিষদে ১৯৮৬ চনতে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে।
গ্ৰন্থখনৰ মূল্য মাত্ৰ ২৫ টকা।

