❤️❤️❤️❤️❤️ অসমীয়া সাহিত্যত নদী❤️❤️❤️❤️

নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰে পৰা সভ্যতা-সংস্কৃতি গঢ়ি উঠাৰ দৰে সাহিত্যৰ সমৃদ্ধিৰ ক্ষেত্ৰতো নদীৰ বৰঙনি প্ৰচুৰ।

ক’ৰবাত নদীৰ অৱস্থান যদি সাহিত্যৰ পটভূমিৰ সৈতে সংলগ্ন হৈ আছে, ক’ৰবাত নদী আৰু সমাজ-জীৱনৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ প্ৰসংগ আছে।

নদী আৰু সাহিত্যৰ এই যোগসূত্ৰৰ আধাৰত কোনো ধৰণৰ গৱষণা পূৰ্বে হোৱা নাছিল।

‘অসমীয়া সাহিত্যত নদী’ শীৰ্ষক ড° বিমল মজুমদাৰৰ গৱেষণামূলক গ্ৰন্থখনত নদী আৰু অসমীয়া সাহিত্যৰ সম্পৰ্কৰ কথা বিস্তৃতভাৱে আলোচনা কৰা হৈছে।

লোক-সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া সাহিত্যলৈকে এই আলোচনাৰ আওতালৈ আহিছে।

অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য একেবাৰে সামান্য।

Leave a Reply

Your email address will not be published. Required fields are marked *