🌹🌹🌹গল্পকাৰ, ঔপন্যাসিক জয়ন্ত মাধৱ বৰা শিক্ষা বিভাগৰ এগৰাকী বিষয়া।🌹🌹🌹

পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীধাৰী জয়ন্ত মাধৱ বৰাৰ এতিয়ালৈকে ৮ খন গল্প সংকলন, ১৭ ঘন উপন্যাস, ২ খন গৱেষণামূলক গ্রন্থ, ৫ খন অনুবাদ গ্রন্থ, ৭ খন শিশু গ্রন্থ প্রকাশ পাইছে।

ইয়াৰ উপৰি ৬ খন গ্রন্থ সম্পাদনা কৰিছে, ৩ খন আলোচনী আৰু ৭ খন স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে।

অনাতাৰ কেন্দ্ৰ যোগে ৬ খন নাটক আৰু বহু কথিকা, গুৱাহাটী দূৰদৰ্শন আৰু ব্যক্তিগত চেনেলযোগে জয়ন্ত মাধৱ বৰাৰ কাহিনী আৰু চিত্ৰনাট্যৰে ৬৪ খন ধাৰাবাহিক আৰু ১২ ঘন তথ্যচিত্ৰ প্ৰচাৰিত হৈছে।

২ খন চলচিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছে।

বাতৰি কাকত, আলোচনীত বহু প্রবন্ধ, গল্প, উপন্যাস প্রকাশিত হৈ থাকে।

জিলা প্রাথমিক শিক্ষা আঁচনি আৰু সৰ্বশিক্ষা অভিযানত কৰ্মৰত অৱস্থাত শিক্ষা বিভাগৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত গবেষণা পত্র পাঠ কৰিছে।

নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিৰ বাবে দুটাকৈ পাঠ ৰচনা কৰিছে।

সন্মান :

(১) “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ।

(২) “জাকৈয়া ছোৱালী” গল্প সংকলনৰ বাবে ২০১৩ চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ।

(৩) মৰিয়াহোলা উপন্যাসৰ বাবে ২০১৪ চনত গোলাঘাট জিলা সাহিত্য সভাৰ চৈয়দ আব্দুল মালিক বঁটা লাভ।

(৪) “মৰিয়াহোলা ” উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ।

Leave a Reply

Your email address will not be published. Required fields are marked *