
💐বাংলাদেশত ঐতিহাসিকভাৱে বিভাজিত অসমীয়াৰ সন্ধান দিয়া এখন বৈচিত্ৰ্যপূৰ্ণ গ্ৰন্থ।
তপন কুমাৰ শৰ্মাৰ
কৰ্ণফুলিৰ পাৰত
মূল্য : ২২০ টকা
২০১৩ চনত চিটাগং পাহাৰ অঞ্চলত আমি উপস্থিত হোৱাৰ আগলৈকে অসমৰ জনসাধাৰণে গমে পোৱা নাছিল যে তাত ‘অসম বস্তি’ বুলি ডাঙৰ ঠাই এখন আছে৷
ভাল লগা কথা, তাৰ লোকসকলৰ উপাধি ‘আসাম’৷
তেওঁলোক তালৈ কেতিয়া আৰু কেনেকৈ গ’ল? তেওঁলোক মানভগনীয়াৰ?
ওহোঁ, নহয়৷ তেনেহ’লে তেওঁলোক কোন?
তেওঁলোকৰ কাহিনী উপন্যাসতকৈ মনোৰম আৰু বিচিত্ৰ৷
বাংলাদেশৰ এই মুহূৰ্তত আটাইতকৈ জনপ্ৰিয় বাউল সংগীতজ্ঞ জন অসমীয়া৷ বাংলাদেশৰ ‘বীৰ উত্তম’ সামৰিক পদবী প্ৰাপ্ত লোকৰ এজন অসমীয়া৷
ৰংপুৰ জিলাৰ নলবাৰীৰ অসমীয়া ব্ৰাহ্মণ কেইজনমান স্থায়ীভাৱে বাস কৰে৷
বাংলাদেশৰ হাজং আৰু কোচ-ৰাজবংশীসকল কেনে আছে?
ওপৰত উল্লেখিত কথাবোৰতকৈও বহু শ্বাসৰুদ্ধকাৰী কথাৰে ভৰা উল্লেখিত কিতাপখন৷
পোনপটীয়া ভ্ৰমণ, সাক্ষাৎকাৰ, সমীক্ষা, গৱেষণাৰ ওপৰত প্ৰতিষ্ঠিত গ্ৰন্থ৷ কল্প কাহিনীতকৈও মনোৰম কথাবোৰ পঢ়ি, কথা দিছোঁ, খুব ভাল পাব৷

