প্ৰকাশ পালে সুৰেশ চন্দ্ৰ গোস্বামীদেৱৰ গল্প সংকলন
লেছেৰি

প্ৰকাশকঃ অংকুৰণ প্ৰকাশন

মূল্যঃ ১৫০.০০ টকা মাত্ৰ।

অসমৰ প্ৰায়বোৰ গ্ৰন্থমেলাত অংকুৰণ প্ৰকাশনৰ বিপনীত উপলব্ধ হ’ব এই গ্ৰন্থখন।

আনহাতে ঘৰতে গ্ৰন্থখন পাবলৈ আগ্ৰহী পাঠকে 9678696861 নম্বৰত হোৱাটচএপ যোগে যোগাযোগ কৰিব পাৰিব।

যোৰহাটৰ আগ্ৰহী পাঠকে গ্ৰন্থখন ক্ৰয় কৰিবলৈ অংকুৰণ প্ৰকাশনৰ বিপনীত যোগাযোগ কৰিব পাৰিব।

গ্ৰন্থখনৰ সম্পৰ্কত এটি চমু টোকাঃ

“সোনালী অতীত” নামৰ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ওপৰত ৰচিত কেম্পাচ উপন্য়াস খনৰ মাজেৰে সাহিত্য়ৰ পথাৰত খোজ দিয়া অৱসৰী অভিযন্তা সুৰেশ চন্দ্ৰ গোস্বামীৰ ‘ লেছেৰি ‘, এমুঠি গল্পৰ সমাহাৰ ৷

এই সংকলনটিত তেখেতে চৈধ্য়টা গল্প সামৰি লৈছে ৷

পাতনিতে লেখকে জনাইছে , “ শৈশৱত আঘোণৰ পথাৰত লেছেৰি বোটলা মনত পৰে ৷

দাৱনীয়ে এৰিযোৱা পথাৰত লগৰীয়াৰ লগত লেছেৰি বুটলি এক বেলেগ মাদকতা পোৱা যায় ৷

সময়ে এৰিযোৱা জীৱনৰ বিশাল পথাৰখনতো সৰু-বৰ ঘটনাৰ লেছেৰি বুটলি মাজে মাজে পাঠকলৈ আগবঢ়াই দিবলৈ মন যায় ৷

তেনেদৰেই পুৰণি সপোনেও কেতিয়াবা কেতিয়াবা আমনি কৰি কলমত ধৰা দিয়ে ৷

এই সকলো বিলাকৰে সমষ্টি এই গল্প সংকলন ৷ “
গল্প কেইটাৰ বিষয়বস্তু ভিন্ন।

বাপধণ খণিকৰৰ মনৰ বেদনাৰ পৰা ডেকা প্ৰফেচাৰ দুৰ্ভগীয়া অনুভৱৰ প্ৰেমলৈকে ; কেইবাটাও বিষয় সামৰি লৈছে ৷

গোলকীয়কৰণৰ প্ৰভাৱত মধ্য়বৃত্ত সমাজৰ বয়সীয়াল চামে নিজক হেৰুৱাই পেলোৱাৰ বেদনা, মাজৰ গল্পবিলাকত বৰ ধুনীয়াকৈ ফুটি উঠিছে৷

দুটামান গল্পত হাস্য়ৰসৰ মাজেৰে সমাজক কিবাকিবি কোৱাৰ প্ৰচেষ্টাও বিদ্যমান ৷

কেইবাটাও গল্পত সপোনৰ মাজেৰে কাহিনী আগবাঢ়িছে।

শেষৰ গল্পটো পৰীক্ষামূলক।

আমি আশাবাদী, পাঠকে গল্প সংকলনখন পঢ়ি উপকৃত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *