ছাৰে অকণমান হাঁহি এটা মাৰি ক’লে- “তেতিয়াহ’লে তই দীপু নম্বৰ টু।”

তেতিয়াৰে পৰা দীপু আৰু দীপু হৈ নেথাকিল, হৈ গ’ল দীপু নম্বৰ টু।’

নতুন ঠাইখনত নতুন বন্ধুবোৰৰ স’তে তাৰ ৰোমাঞ্চকৰ দিনবোৰ আৰম্ভ হ’ল।…

নিষ্ঠুৰ ড্ৰীলৰ চাৰ্জনক সকলোৱে মিলি উচিত শিক্ষা দিয়া, ২০০ ফুট ওখ পানী টেঙ্কিৰ ওপৰলৈ উঠি নামিব নোৱাৰা হোৱা আৰু পাহাৰৰ গুহাত লুকাই থকা
মৌর্য যুগৰ প্ৰত্নতাত্ত্বিক মূৰ্তি চোৰৰ দলক
পুলিচৰ হাতত গতাই দিয়ালৈকে অলেখ
ৰোমাঞ্চকৰ ঘটনা।

এসময়ত দীপুৰ ঘোৰ শত্ৰু তাৰিক এতিয়া দীপুৰ বেষ্ট ফ্ৰেণ্ড।…

দীপু আৰু তাৰ দেউতাকৰ বন্ধুত্বপূৰ্ণ কথা বতৰাই সকলোকে যেন শিকাইছে পিতা পুত্ৰৰ মাজত এনে সম্বন্ধ হ’লে ল’ৰা কেতিয়াও বেয়া হ’ব নোৱাৰে।…

মঃ জাফৰ ইকবালৰ এই কাহিনীটোৰ ওপৰত ১৯৯৬ চনত নিৰ্মাণ কৰি উলিওৱা বোলছবিখনে অভূতপূর্ব জনপ্রিয়তা লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *