
💐”অসমৰ সাধুকথা : ঐতিহ্য আৰু সাম্প্ৰতিক স্থিতি”💐
গ্ৰন্থখনিত অসমীয়া জন-সমাজত প্ৰচলিত সাধুকথা সম্পৰ্কীয় সকলো দিশৰ উপৰি বিভিন্ন জাতি-জনজাতিৰ সাধুকথা সম্পৰ্কে বিশ্লেষণাত্মক দৃষ্টিভংগীৰে আলোচিত হৈছে।
নয়নজ্যোতি কলিতাই সম্পাদনা কৰা বৃহৎ কলেৱৰৰ এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পূৰ্বায়ণ প্ৰকাশনে।
অসমত সাধুকথা চৰ্চাৰ ইতিহাসৰ পৰা আৰম্ভ কৰি সাধুকথাত লোকজীৱনৰ প্ৰতিচ্ছবি, অলৌকিকতা, ভাষিক, সাংস্কৃতিক আদি গুৰুত্বপূৰ্ণ দিশসমূহ এই গ্ৰন্থত আলোচনাৰ আওতালৈ অনা হৈছে। তদুপৰি সাধুকথাৰ পুনৰ্নিৰ্মাণ, পৰম্পৰা, পৰিৱৰ্তন আদি বিষয়ক কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে।
গ্ৰন্থখনৰ আন এক উল্লেখনীয় তাৎপৰ্য এয়ে যে, দ্বিতীয় ভাগত জনজাতীয় সাধুকথা সম্পৰ্কে সুকীয়াকৈ আলোচনা আগবঢ়োৱা হৈছে। ডিমাচা, চিংফৌ, মিচিং, সোণোৱাল কছাৰী, তিৱা, হাজং, বড়ো, গাৰো আদি অসমৰ কেইবাটাও জনজাতিৰ সাধুকথা বিষয়ক আলোচনাই এই গ্ৰন্থৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে।
অসমৰ বহুকেইগৰাকী আগশাৰীৰ লেখক তথা গৱেষকে লিখি উলিওৱা দীৰ্ঘদিনীয়া শ্ৰমৰ ফচল “অসমৰ সাধুকথা: ঐতিহ্য আৰু সাম্প্ৰতিক স্থিতি” শীৰ্ষক তথ্যসমৃদ্ধ গ্ৰন্থখনিয়ে পাঠক-সমাজক বহুলভাৱে উপকৃত কৰিব।
অসমৰ সাধুকথা: ঐতিহ্য আৰু সাম্প্ৰতিক স্থিতি
নয়নজ্যোতি কলিতা(সম্পাদক)
পূৰ্বায়ণ প্ৰকাশন
দাম ৪৭০ টকা

