🌹🌹🌹‘বেণী’ৰ মুখ্য চৰিত্ৰ মধুৱন্তী।🌹🌹🌹🌹🌹

মাত্র ন বছৰ বয়সতে ধৰ্ষণৰ বলি হোৱা মধুৱন্তীয়ে মাকহঁতৰ ভয়ত লুকুৱাই পেলাইছিল সেই ভয়াৱহ, নিদাৰুণ ঘটনা।

এটা সময়ত শৰীৰৰ ঘা শুকাই গৈছিল, কিন্তু মনৰ ভিতৰত ৰৈ গৈছিল এটুকুৰা দেগদেগীয়া ঘা।

বিয়াৰ পাছত মধুৱন্তী স্বামী ময়ূখৰ সৈতে সহজ হ’ব পৰা নাছিল।

ভয়ত চেঁচা পৰি গৈছিল তাইৰ শৰীৰৰ ৷

দীৰ্ঘদিন ধৰি কঢ়িয়াই লৈ ফুৰা প্ৰশ্ন কিছুমানৰ উত্তৰ বিচাৰি বিচাৰি মধুৱন্তীয়ে এখন কিতাপ লিখাৰ কথা ভাবিছিল আৰু সেই সূত্ৰে পঢ়া-শুনা কৰা আৰু বিভিন্ন মানুহৰ সৈতে কথা পতা আৰম্ভ কৰিছিল।

ইয়াৰ মাজেৰে তাই সোমাই পৰিছিল মানুহৰ যৌনতাৰ এখন অপৰিচিত, বৈচিত্র্যপূৰ্ণ আৰু বিস্ময়কৰ জগতত ।

ছোৱালী তথা নাৰীৰ জীৱন দুর্বিসহ কৰি তোলা ধৰ্ষণ বা যৌন নিৰ্যাতনৰ ঘটনাবোৰ কোনোদিনে অন্ত নপৰিবই নেকি—এই প্রশ্নৰ উত্তৰ মধুৱন্তীয়ে বিচাৰি পাবনে ?

‘মহাভাৰত’ৰ আঠোটা পৰ্বৰ নামেৰে ভাগ কৰা ‘বেণী’ৰ কাহিনীভাগো বিষয় অনুযায়ী আঠটা স্তৰত বিভক্ত।

‘মহাভাৰত’ৰ দৰেই এই উপন্যাসতো বর্ণিত হৈছে অনেক কাহিনী আৰু অজস্ৰ চৰিত্ৰৰ মাজেৰে উদ্ভাসিত হৈ উঠিছে মানৱ সত্তাৰ ভালেমান অনাৱিষ্কৃত ভয়াৱহ আৰু নিৰ্মম সত্য।

মধুৱন্তী ঘটনাক্রমে সৌমিত্ৰ যোগী নামৰ এক চৰিত্ৰৰ সংস্পৰ্শলৈ আহে, যি নিজকে ‘ইউনিভাৰছিটি অৱ পাৱাৰ’ৰ গৱেষক হিচাপে পৰিচয় দিছিল; সৌমিত্ৰ যোগীয়ে মধুৱন্তীৰ সন্মুখত তুলি ধৰে ভয় আৰু ক্ষমতা সন্দৰ্ভত এনে কিছুমান ব্যাখ্যা, যি সলনি কৰি পেলাইছিল মধুৱন্তীৰ গোটেই চিন্তা প্রক্রিয়া।

কিন্তু কোনোদিনে লগ নোপোৱা সৌমিত্ৰ যোগী নামৰ অদ্ভুত মানুহজন আচলতে কোন?

ময়ূখৰ বন্ধু তিতিয়েও সৌমিত্র যোগীৰ দৰেই সলাই পেলাইছিল তাইৰ চিন্তাৰ জগতখন।

মধুৱন্তীৰ লাহে লাহে সন্দেহ হ’বলৈ ধৰে—তিতিয়েই সৌমিত্ৰ যোগী নহয়তো ?

পুলিচ আৰু আইন ব্যৱস্থাক এক ভয়ংকৰ মস্কৰাত পৰিণত কৰি অজ্ঞাত কোনোবাই ধৰ্ষণকাৰীক হত্যা কৰি থৈ যায় আৰু এই ঘটনাই সাধাৰণ মানুহৰ সঁহাৰি পাবলৈ ধৰে।

এটাৰ পাছত এটাকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ ধৰা সেই হত্যাকাৰীজনক মানুহে দস্যু ভাস্কৰ হিচাপে বিবেচনা কৰিবলৈ লয়।

কিন্তু কোন এই ভাস্কৰ?

ভাস্কৰৰ মতে এয়া তেওঁৰ একক প্ৰচেষ্টাত কৰা ন্যায়যুদ্ধ।

এনেকুৱা কি কাহিনী আছে ভাস্কৰৰ, যিয়ে তেওঁক গঢ়ি তোলে এজন হত্যাকাৰী হিচাপে ?

প্রচ্ছদ সন্দৰ্ভত এক টোকা….

Léda et le Cygne (Leda and Swan) ফৰাচী চিত্রশিল্পী Jean-François de Troyৰ বিশ্বখ্যাত পেইণ্টিং।

মাইকেল এঞ্জেলোকে ধৰি ভালেমান শিল্পীয়ে প্ৰাচীন গ্ৰীক আখ্যানৰ চৰিত্ৰ লেডা আৰু ৰাজহাঁহক নিজৰ শিল্পকৰ্মৰ বিষয়বস্তু হিচাপে বিবেচনা কৰিছিল।

লেডা আছিল এটলিয়ান ৰাজকুমাৰী, পৰৱৰ্তী কালত তেওঁ স্পাৰ্টাৰ ৰাণী হৈছিল।

অভিডৰ মতে লেডা তেওঁৰ ধুনীয়া ক’লা চুলি আৰু বৰফৰ দৰে ছালৰ বাবে বিখ্যাত আছিল ।

গ্রীক আখ্যান মতে, জিউছ হ’ল আকাশ আৰু বজ্ৰৰ দেৱতা।

এবাৰ জিউছে ৰাজহাঁহৰ বেশ ধৰি ঘূৰি ফুৰোঁতে ঈগলৰ আক্ৰমণৰ সন্মুখীন হয় আৰু লেডাৰ কোলাত আহি আশ্ৰয় লয়।

লেডাৰ সৈতে শৰীৰ সংসর্গ স্থাপনৰ হেঁপাহতে জিউছে এই ছলনাৰ আশ্ৰয় লৈছিল।

ছলনাৰ এই কাহিনীয়ে আজিও সমগ্ৰ বিশ্বৰ মানুহক আলোড়িত কৰি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *