💐” নৈ অহাদি বৈ আহে বতাহজাক”… “বোকাত পোত যোৱা হাতী-পোৱালিটিৰ প্ৰাৰ্থনাতকৈও কৰুণ”…”বাঁহপাত এখিলাত জীৱনৰ কঁপনি”…অথবা “কোমল ঢেঁকীয়াৰ দৰে হাতবোৰ”…💐

💐অনুপম উপমাই “মেঘ-ঘোঁৰা”ক কেৱল কবিতা কৰি ৰখা নাই ; জীয়া ছবিত পৰিণত কৰিছে ! 💐

কবি অতীতকাতৰ ৷ সেই অতীতত কবি এটি শিশু; যিয়ে পৰৰ বাৰীত আম হাকুটিয়াই ধৰা নপৰিবলৈ দৌৰিছে, পিছে পিছে দৌৰিছে ঘাঁহৰ দৰে গজি উঠা তেওঁৰ “ছাঁ”—

”আৰু কোনোদিনেই পখিলাৰ প্ৰেমত নপৰোঁ বুলি শপত খাইছিলোঁ
ধ্ৰুৱ ৰ’দ আলোকত তোমাৰ মৃদু ঘ্ৰাণ
কেৱল মোৰ মজিয়াত ঘাঁহৰ দৰে গজিছিল অ’ মোৰ ছাঁ ৷”

(ছাঁ)

কবি জীৱনমুখীও ৷ কবিয়ে “কবিৰ মৃত্যু” বিশ্বাস নকৰে—

”ওৰে দিন ওৰে ৰাতি
কবিৰ আঙুলিত
পৃথিৱীয়ে চকুলো টুকিলে
কবি জানো মৰিব পাৰে?”

(কবি)

“মেঘ-ঘোঁৰা”— কবি দ্বিজেন কুমাৰ দাসৰ আঙুলিত চকুলো টোকা এখন পৃথিৱী!!

এই পৃথিৱী মানুহৰ পৃথিৱী; যি পৃথিৱীৰ কথা “মেঘ-ঘোঁৰা”ই আমাক এনেদৰে ক’লে—

💐”মানুহৰ পৃথিৱী এনেকুৱাই
এৰি যোৱাৰ পিছত মৰমেৰে ডুবায়
যোৱাৰ বাট চকুলোৰে তিয়ায় ৷”💐

(হাড়গিলা)

Leave a Reply

Your email address will not be published. Required fields are marked *