💐💐💐💐💐💐গোলাম💐💐💐💐💐💐

অসমৰ গল্পকাৰ আৰু সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ এখনি গল্প সংকলন।

গ্ৰন্থখন ১৯৭৪ চনত পোনপ্ৰথমবাৰ প্ৰকাশিত হৈছিল। বিশেষ গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাই ১৯৭৪ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

গল্প সংকলনখনত মুঠতে এঘাৰটা গল্প সন্নিৱিষ্ট হৈছে। সামাজিক চেতনাবোধৰ স্পষ্ট ধ্বনি শুনিবলৈ পোৱা এইকেইটা গল্পৰ ভাৱৰ গম্ভীৰতা আৰু ৰচনা ৰীতি মন কৰিবলগীয়া।

সৌৰভ কুমাৰ চলিহা এটি ছদ্মনাম। তেখেতৰ প্ৰকৃত নাম হৈছে সুৰেন্দ্ৰ কুমাৰ মেধি।

প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহাই সাহিত্য চৰ্চা কৰিছিল। চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।

ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে।

নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তেখেতৰ গল্পৰ উপাদান।

চুটিগল্পৰ ভাৱ, বিষয়, ৰূপ আৰু আবেদনৰ ফালৰপৰা সৌৰভ কুমাৰ চলিহাৰ সমান্তৰাল গল্প আধুনিক ভাৰতীয় সাহিত্যতে বিৰল।💐

Leave a Reply

Your email address will not be published. Required fields are marked *