
💐💐💐শ্ৰদ্ধাৰ লেখক যতীন নাথ দেৱৰ কথাৰে আহকচোন পঢ়োঁ।💐💐💐
গ্ৰন্থ পৰিচিতি
কিতাপৰ নাম: ‘পথিক’
লেখকৰ নাম: স্মৃতিৰেখা দেৱী
কিতাপৰ প্ৰকাৰ – গল্প সংকলন
প্ৰকাশক – ৰঞ্জিত গগৈ, ‘শব্দ প্ৰকাশন’
প্ৰথম প্ৰকাশ – নৱেম্বৰ,২০১৯
মূল্য – ২০০.০০ টকা
‘প্ৰান্তিক,’ ‘বসুন্ধৰা’,’ভোগালী’ ইত্যাদি আলোচনীত ইতিমধ্যে প্ৰকাশিত পঁচিশটা নিটোল গল্পৰ এক অনবদ্য অনুপম সংকলন ‘পথিক’। গল্পবোৰৰ কাহিনীভাগত সূক্ষ্মাতিসূক্ষ্ম ভাৱে বৰ্ণিত হৈছে সমাজৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ জীৱন চৰ্য্যা।
“পৰে কি আপোন হ’ব পাৰে, শিমলু কি চন্দন হ’ব পাৰে?-এয়াই জানো সনাতন সত্য?” ‘পথিক’ নামৰ গল্পটোৰ যোগেদি এনেদৰেই পৰিস্ফুট হৈছে আপোন-পৰৰ দৰ্শন। পুত্ৰ-পৰিবাৰ সকলো থাকিও গল্পৰ নায়ক অন্তিম যাত্ৰাপথৰ পথিক হ’বলগীয়া হয় আপোনজনৰ অনুপস্থিতিত, কাহানিও নেদেখা, কাহানিও নিচিনা চাৰিজন মানুহৰ কান্ধত উঠি কোনো এক অজান্তি মুলুকত।
সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, মান-অভিমান কত কি আৱেগৰ সমাহাৰেৰে বৈচিত্ৰ্যময় আমাৰ জীৱন! কোনোবাই যিখিনি পায় তাতেই সন্তুষ্ট হয়, কোনোবাই আকৌ কোলাৰটো এৰি বোকাৰটো ল’বলৈ যাওঁতে হাতত থকা খিনিও হেৰুৱাই পেলায়। এখন প্ৰেমময় পৃথিৱীৰ অনুভৱত মগ্ন হৈ থকাৰ পাছতো বিশ্বাসহীনতাই কেতিয়াবা হৃদয় ভাঙি পেলায়। জীৱনৰ সংগ্ৰামে প্ৰতিকূল পৰিস্থিতিত কেতিয়াবা কাৰোবাক সম্পূৰ্ণৰূপে সলাই পেলায়। অথচ তেতিয়াও কোনোবাজন স্থিৰ হৈ থাকে নিজৰ কক্ষপথত।
সংকলনটিৰ অন্যতম গল্প ‘কক্ষপথ’ দৰিদ্ৰ গ্ৰাম্য সমাজৰ ছবি অংকিত হোৱা ‘পুৰণি’ ‘পুৰণি’ গোন্ধ সাৱটিও ‘নতুন’ সৌৰভ বিলোৱা এটা ‘সুগন্ধি’ গল্প।বিধৱা তৰুলতাই গাভৰু জীয়েক মালাক সকলোফালৰ পৰা উপযুক্ত কৰিবলৈ তাইৰ সাধ্য অনুসৰি যি পাৰে দিবলৈ চেষ্টা কৰে। প্ৰফুল্ল মাষ্টৰক তাই মালাৰ ঘৰুৱা শিক্ষক নিয়োগ কৰে। এদিন তৰুলতাই আশা কৰে মালা আৰু ডেকা মাষ্টৰ প্ৰফুল্লৰ মাজত পাৰস্পৰিক মৰম সোমাওক। ‘প্ৰফুল্লৰ হাতত কিতাপৰ সলনি থাকক মালাৰ দুহাত…..’ তৰুলতাৰ এই হাবিয়াসৰ বিপৰীতে জীয়েক ‘মালা’ স্থিৰ হৈ থাকে নিজৰ কক্ষপথত। ‘Suspense’ৰ মাজেৰে গতি কৰা গল্পটিৰ সমাপ্তিও আকস্মিক আৰু অপ্ৰত্যাশিত। গল্পটিৰ claimaxএ ইয়াক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।
‘মোৰ মনৰ ময়ূৰে নাচিলে’ গল্পটি শিশু মনস্তত্ত্বক প্ৰতিনিধিত্ব কৰা আন এটা আলসুৱা গল্প,য’ত কৃত্ৰিমতাৰ মাজত চটফটাই ফুৰা শিশুটিক প্ৰকৃতিয়ে হাত বাউল দি মাতি থাকে।প্ৰকৃতিৰ সতে একাত্ম হোৱাৰ আনন্দত আত্মহাৰা হৈ সি চিঞৰি উঠে–‘মজ্জাৰে মজ্জা!’
মনত অনুৰণিত হৈ থাকিবলৈ সক্ষম হোৱা আন এটা গল্প ‘অনাত্মীয়’ত মানৱীয় প্ৰমূল্যবোধ পৰিস্ফুত হৈ উঠাৰ বিপৰীতে বিশ্বাসৰ কৰুণ সমাপ্তি ঘটিছে। ‘বাবু’- ‘ববানী’ৰ হাতৰ লাখুটি অৰ্জুন তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটাৰ শৈশৱৰ খেলাৰ লগৰী, philosopher আৰু guide। এদিন ডাঙৰ মানুহ হোৱা সেই ল’ৰা-ছোৱালীহঁতেই ‘বাবু’- ‘ববানী’ৰ মৃত্যুৰ পিছত অৰ্জুনক সেই ঘৰ এৰি ‘নিজৰ ঘৰলৈ’ যাবলৈ হাতত কেইটামান টকা গুজি দিয়ে।এইখন ঘৰকে নিজৰ ঘৰ বুলি সাৱটি লোৱা অৰ্জুন গভীৰ দুখত ঘৰৰ পৰা হঠাৎ নোহোৱা হয়। ঘৰত তাক বিচাৰি নোপোৱা ল’ৰা-ছোৱালীহঁতে সি গহনাপাতি চুৰ কৰি পলাই যাব পাৰে বুলিও সন্দেহ কৰে। কিন্তু সেই দিনাই অৰ্জুনৰ নিথৰ দেহটো বিচাৰি পোৱা যায় ‘বাবু’- ‘ববানী’ৰ সমাধিস্থলত। নাটকীয় treatment এৰে পৰিসমাপ্তি ঘটোওৱা শৈলীয়ে গল্পটিক এক সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে। প্ৰসিদ্ধ লেখিকা তথা অনুবাদিকা ডক্তৰ দীপিকা ফুকনে এই গল্পটি ইংৰাজী ভাষালৈ অনুবাদ কৰিছে তেওঁৰ গল্প সংকলন ‘The Final Hour’-An anthology of selected Assamese Short Stories অত।
কৈশোৰত ‘কোনোবাই’ কৰা ‘ধেমালি’ এটাক আজীৱন বুকুত সাৱটি এজনী ছোৱালী গৈ থকিল( নে ৰৈ থাকিল?) জীৱনৰ বাটত।কেইটামান মদৰুৱা হৈ পৰা কাগজৰ টুকুৰাৰ কথাকেইটাক খামুচি তাই বুজি উঠে, এইটো ধেমালিয়েই তাইক দিবলগীয়াখিনি দি আছে,দি থাকিব, তাই জীয়াই থকালৈকে।হৃদয় চুই যোৱা ‘মোৰ বুকুত এজোপা গোলাপ কোনে ৰুলে’ গল্পটোৰ সংলাপো হৃদয় স্পৰ্শী- ‘ধুনীয়া হোৱাটো এটা সময়ৰ পিছত আটাইতকৈ অদৰকাৰীয়েই নহয়,যেতিয়াই তেতিয়াই, হকে- বিহকে অশান্তি পাই থকা কথাও।’
আন এটা গল্প ‘এখন নেদেখা নদীৰ সিপাৰে’ত আছে অব্যক্ত প্ৰেমৰ অনুপম বৰ্ণনা। ইয়াৰ সংলাপো মনত সাঁচ বহুৱাই যোৱা….’ ভাল লগাবোৰ সদায় ভাল লগা হৈ থাওক, স্বাৰ্থহীন চৰ্তহীন হৈ….’ভাল লগাবোৰ নিজৰ কৰি লোৱাত স্বাৰ্থ থাকে….’
‘অপতৃণ’ গল্পটিৰ বৰ্ণনাশৈলী চমৎকাৰ। লচমনবিহীন দিন এটাৰ কথা ভাবিব নোৱৰা চুবুৰীটোৰ মানুহবোৰে লচমনক যিমান মৰম কৰে তাতোকৈ বহু বেছি বিশ্বাসেৰে সি চুবুৰীটোৰ মানুহবোৰৰ ঘৰত কাম কৰে। লচমনৰেই ল’ৰা দুলাল বাপেকৰ গতত নুঠিল। বাপেকক বিশ্বাসঘাতক সজাবলৈ সি এদিন বাপেকে ৰাতি চকিদাৰী কৰি থকা চুবুৰীটোৰ এঘৰতে চুৰ কৰে।
বিভিন্ন মানৱীয় বিষয়ক লৈ সৃষ্ট আনকেইটা গল্পও স্ববৈশিষ্ট্যৰে প্ৰোজ্জ্বল।
সংকলনটিত শিশু মনস্তত্ত্বৰ পৰা জীৱনৰ মুনিচুনি বেলাৰ আত্মোপলব্ধিলৈকে চিত্ৰিত কৰা সংবেদনশীল গল্পসমূহ হৃদয়স্পৰ্শীয়েই নহয়,হৃদয় তৰংগায়িত কৰি তুলিবলৈও সক্ষম হোৱা । সহজ সৰল সাৱলীল ভাষাত সৃষ্ট গল্পসমূহৰ মাজত প্ৰতিটো প্ৰজন্মই নিজকে বিচাৰি পাব।
শ্ৰদ্ধাৰ ডক্তৰ নগেন শইকীয়া ডাঙৰীয়াই গল্প সংকলনটিৰ পাতনিত কোৱা এষাৰ কথা উল্লেখযোগ্য, ” গল্পকাৰে ক’তো উপস্থাপন বা প্ৰকাশভংগীৰ পৰীক্ষা কৰা নাই।তাৰ পৰিৱৰ্তে পৰম্পৰাগত পদ্ধতিৰেই তেওঁৰ গল্প দাঙি ধৰিছে।চৰিত্ৰৰ মনৰ ভিতৰলৈ ভূমুকিয়াই চাওঁতেও ক’তো জটিল মনস্তাত্বিক ব্যাখ্যাৰ আশ্ৰয় নোলোৱাকৈ সহজ ভাৱে মনোদ্বন্দ বা মনৰ অৱস্থা দাঙি ধৰিছে।”
‘পথিক’ এক বৰ্ণাঢ্য তথা নিটোল সৃষ্টি যাক ‘অনুপম সুখপাঠ্য’ বুলি একে আষাৰে ক’ব পাৰি। সংকলনটিৰ গভীৰ অৰ্থবহ তথা সুন্দৰ বেটুপাতটিতো বাংময় হৈ উঠিছে ‘ পথিক’ৰ জীৱনচৰ্য্যা।

