
❤️“স্বৰ্ণসলিলা এক বীৰগাথা”❤️—
লেখিকা মঞ্জু শইকীয়া বাইদেউৰ কথাৰে।
ভাবিছিলোঁ, মস্ত কিতাপখন কেতিয়ানো পঢ়ি শেষ কৰিম !!
কিন্তু দুদিনতে পঢ়ি অঁতোৱাও বহুদিন হ’ল । মহা ভাৰতীয় যুগত এনেকৈ সোমাই যুঁজ-বাগৰ কৰাত লাগি গ’লোঁ যে শেষ নকৰাকৈ ওলাই অহা সম্ভৱ নহ’ল । কিতাপখনৰ ওপৰত যৎ সামান্য অভিজ্ঞতাৰে লিখোঁ বুলিও লিখিবলৈ সময় উলিয়াব পৰা নাছিলোঁ ।
সমালোচনাৰ দৃষ্টিৰে লিখাৰ ধৃষ্টতা নকৰোঁ, সিমানখিনি ক্ষমতা নাই মোৰ ।
তথাপি প্ৰথম কথা একে আষাৰে লেখক কংকণ শৰ্মাৰ কল্পনা শক্তি অদ্ভূত বুলি ক’ব পাৰি । কেৱল কল্পনাৰ ওপৰত ভিত্তি কৰি (বাস্তৱত ঠাইবোৰৰ অস্তিত্ব বোধহয় পোৱা নাযাব) দেশ, কাল, পাত্ৰ, বচন, কথন শৈলী সকলো মিলাই এনে এখন বৃহৎ কলেৱৰৰ কিতাপ লিখি উলিওৱা ইমান সহজসাধ্য নহয় । কিতাপখনৰ ঠাইবোৰ আৰু পাত্ৰৰ সংস্কৃতগন্ধী নামবোৰে সময়ৰ কথা উল্লেখ নকৰাকৈয়ে এটা যুগৰ ধাৰণা মনলৈ আনি দিয়ে । আচৰিত হৈছোঁ যে ইমানবোৰ মানুহৰ নাম, সম্বন্ধ কেনেকৈ মনত ৰাখি লিখিব পাৰে, ক’তো উজুটি নোখোৱাকৈ !
লেখকৰ ভাষাৰ দক্ষতা উচ্চ প্ৰশংসনীয় । ৰাজনীতিত ক্ষমতালিপ্সাৰ বাস্তৱ ছবি এখন দেখিবলৈ পোৱা যায়, যিটো সেই যুগত সম্ভৱ আছিল ; ঠিক তেনেদৰেই বিনাশ হৈছিল সৰু সৰু দেশবোৰ, ৰজাবোৰ, ৰাজপৰিয়ালবোৰ আৰু তাৰ পৰাই আৰম্ভ হৈছিল গণতান্ত্ৰিক ব্যৱস্থাৰ ধাৰণাৰ ।
ৰাজতন্ত্ৰই স্বৈৰতন্ত্ৰৰ ৰূপ পৰিগ্ৰহণ কৰিয়েই ধ্বংসৰ বাট লয় । ধ্বংস হৈছিল কৌৰৱ, আনকি যদু বংশও । মোগলৰাজত্ব, আহোমৰাজত্বৰো অৱসান হৈছিল ক্ষমতালিপ্সু ভাতৃঘাতী সংঘৰ্ষৰ বাবেই ।
কিন্তু মহাশক্তিমান তথা জ্ঞানী ৰজা জয়েন্দ্ৰ বিক্ৰমক কিছু শক্তিশালী ৰূপত অংকণ কৰাৰ প্ৰয়োজন আছিল যেন লাগে ।
লেখকে নিজে উল্লেখ কৰাৰ বাদে আৰম্ভণিৰ পৰা, কাহিনীৰ মাজত ক’তো ৰজাৰ বিচক্ষণতাৰ বা শক্তিমন্ত হোৱাৰ লক্ষণ দেখা পোৱা নাযায় । পদে পদে অকৰ্মণ্য এজন ৰজাহে তেওঁ, পতন হ’বই । হ’লেও দুৰ্যোধন, ভীস্মৰ পতন ভাল লাগে । যুধিষ্ঠিৰৰ জয়ো মোৰ অপচন্দ । নিবেদিতাৰ চৰিত্ৰটোৰ আৰম্ভণিৰ ৰূপটো কিছু মোলান পৰা যেন লাগে । অৱশ্যে প্ৰেমত ঘূৰে ভূমণ্ডল, সকলো সম্ভৱ প্ৰেমত । নামটোৱে যেন চৰিত্ৰটোৰ আধুনিক চিন্তাধাৰাক প্ৰতিনিধিত্ব কৰিছে । যুগসন্ধিৰ নাম—সংস্কৃতগন্ধি যদিও সততে ব্যৱহাৰ হোৱা এটি আধুনিক নাম ।
অৱশ্যে মোৰহে ধাৰণা, লেখকৰ ভাব কি সেয়া অন্য কথা ।
বীৰগাঁথাই নহয়, স্বৰ্ণসলিলা এক শাশ্বত প্ৰেমগাঁথা । এক কামবিহীন উদগ্ৰ প্ৰেমে কিতাপখন আদিৰ পৰা অন্তলৈকে জীপাল কৰি ৰাখিছে ।
বাকী বেটুপাতটো দেখিলেই পঢ়োঁ পঢ়োঁ লাগি যায় । আশা কৰিছোঁ লেখকে এইদৰেই সৃষ্টি অব্যাহত ৰাখি ভাষা জননীক শক্তিশালী কৰি যাওক ।
ভাতৃত্ববোধৰ অপত্য স্নেহেৰে অলেখ শুভ কামনা জনালোঁ কংকণ শৰ্মালৈ ।
মঞ্জু শইকীয়া
গুৱাহাটী

