” …আৰু পিয়াহৰ মৰুভূমি পাৰ হৈ হৈ এইখন শিমলু সাগৰ ৷ মোৰ প্ৰথম কাব্য সংকলন ৷ সংকলন নহয় যেনিবা মোৰ জুইলগা যৌৱনৰ প্ৰথমটো উশাহ ৷ “
💐💐💐 সৌৰভ শইকীয়া💐💐💐

পূৰ্বায়ণ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে পঞ্চল্লিশটা কবিতাৰে সৌৰভ শইকীয়াৰ
💐💐শিমলু সাগৰ 💐💐

“হঠাৎ,
শিমলু শিমলু এটা গোন্ধ
য’ত বনজুই লাগিছিল মেঘৰ চাপৰিবোৰত
কুকুহা হৈ তাতে, এজাক চাকনৈয়াত ডুবোঁতে
দেখিলোঁ— আকাশৰ সিপাৰলে’
আৰু এখন সাগৰ
সাগৰ সাগৰ সাগৰ সাগৰ সাগৰ
সাগৰ শিমলু ফুলৰ ৷ “

সৌৰভ শইকীয়া প্ৰেমৰ কবি ৷ “শিমলু সাগৰ”তো কবিয়ে লিখিছে “ভালপোৱাৰ নিয়ম”ৰ কথা—

” ভালপোৱাৰ নিয়ম তিনিটা
ভালপোৱাৰ নিয়ম তিনিটা
পিছে দুখৰ বিষয়
কোনেও নাজানে সেই নিয়ম তিনিটা কি? “

প্ৰকৃতিৰ গছ, অৰণ্য, পখীৰ প্ৰতিও কবিৰ অফূৰন্ত ভালপোৱা; কেতিয়াবা সংশয়—

“চাৰিজনী চৰায়ে বুকু পাতি দিয়ে, চাৰিজোপা গছেও
চাৰিজনে মাৰে
চাৰিজনে কাটে
অৰণ্য এনেকৈয়ে শেষ হৈ আছে ৷ “

কিছুমান কবিতা কাহিনীৰ দৰে ৷ বৰ্ণনাত্মক; অথচ কাবিক্য সৌন্দৰ্য অক্ষত—

“কালি নিশা মই মোৰ ঘড়ীটো হেৰুৱালোঁ
জন্মদিনৰ এটা গধূলি দেউতাই
উপহাৰ দিছিল
মোক মোৰ ঘড়ীটো
………………………
যুদ্ধ এৰি সময়ৰ চিকিৎসক হ’ব খুজিছিলোঁ
ঘৰ এৰি এৰাতিৰ অঘৰী হ’ব খুজিছিলোঁ ৷ “

বাছকবনীয়া শব্দচয়ন, ব্যতিক্ৰমী ভাব-ভাষা-উপমা আৰু কল্পনাৰে সমন্বিত সৌৰভ শইকীয়াৰ ‘শিমলু সাগৰ’ত অৱগাহনৰ সুখানুভূতি কাব্যৰসিক পাঠকৰ বাবে নিশ্চিতভাৱে আনন্দদায়ক হ’ব ৷

শিমলু সাগৰ

সৌৰভ শইকীয়া

পূৰ্বায়ণ প্ৰকাশন

দাম ১১০ টকা

পৃষ্ঠা ৬৬

Leave a Reply

Your email address will not be published. Required fields are marked *