🔷🔷 এখনি বিশেষ গ্ৰন্থৰ পুনঃ প্ৰকাশৰ বতৰাঃ

যশস্বী চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱক আমি তেখেতৰ অনবদ্য চিত্ৰশিল্পৰ মাজেৰেই মনত পেলাওঁ।

কিন্তু আমি বহুতেই নাজানো যে শিল্পী বৰুৱাদেৱে তেখেতৰ জীৱিত কালত সম্পূৰ্ণ আত্মপ্ৰত্যয়েৰে, নিজস্ব প্ৰকাশভংগীৰে বিভিন্ন উপলক্ষত লিখা লেখাসমূহৰ মাজেৰে তেখেতে এগৰাকী কথা-সাহিত্যিক ৰূপেও পৰিচিত হোৱাৰ যোগ্যতা অৰ্জন কৰিছিল।

শিল্পীৰ বিভিন্ন সময়ত প্ৰকাশিত প্ৰৱন্ধসমূহৰ এখন একত্ৰিত সংকলন ৰাজ্যৰ অগ্ৰণী সাংস্কৃতিক সংগঠন নটসূৰ্য্যই ‘অন্য এক গতি’ নামেৰে ১৯৯৯ চনৰ ৩১ জুলাইত প্ৰকাশ কৰি উলিয়াইছিল।

সম্প্ৰতি দুষ্প্ৰাপ্য এই কিতাপখনৰ এটাও কপি বিচাৰি পাবলৈ নোহোৱা অৱস্থাত ‘মণিকূট প্ৰকাশন’ আগবাঢ়ি আহি শিল্পী নীলপৱন বৰুৱাদেৱে লিখা একমাত্ৰ প্ৰৱন্ধ সংকলনখনৰ পুনৰ প্ৰকাশৰ ব্যৱস্থা হাতত লৈ আটকধুনীয়া অঙ্গসজ্জা আৰু শিল্পীৰ দ্বাৰা অংকিত কিছু বিশেষ চিত্ৰশিল্পৰে সজাই-পৰাই ছপা কৰি উলিয়ালে।

৩১ জুলাই, অৰ্থাৎ আজি ‘নটসূৰ্য্য সোঁৱৰণী উদযাপন সমিতিৰ দ্বাৰা আয়োজিত নটসূৰ্য্য ফণী শৰ্মা স্মৃতি দিৱস পালন অনুষ্ঠানৰ মাজত কিতাপখন শুভ-উন্মোচিত হ’ব।

গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট ভাস্কৰ্য্য শিল্পী শ্ৰীযুত সোণাৰাম নাথ ডাঙৰীয়াই।

গ্ৰন্থ উন্মোচনৰ স্থান- কটন বিশ্ববিদ্যালয়ৰ এলুমনাই ভৱন। সময়-সন্ধিয়া পাঁচ বজাত।

চিত্ৰশিল্পী নীলপৱন বৰুৱাদেৱৰ কথা-সাহিত্যিক ৰূপটো বিচাৰি চাবলৈ শিল্পীৰ দ্বাৰা ৰচিত ‘অন্য এক গতি’ নিশ্চিতভাৱে এখন সংগ্ৰহযোগ্য গ্ৰন্থ।

মণিকূট প্ৰকাশন।

৩১-৭-২০২৪ ইং

Leave a Reply

Your email address will not be published. Required fields are marked *