
ছিলিকনৰ বুদ্ধ
জনপ্ৰিয় বিজ্ঞান লেখক, কাহিনীকাৰ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক চাকিল জামালৰ বিদেশৰ পটভূমিত ৰচিত কুৰি বছৰ আগতে প্ৰকাশিত এখন অতি জনপ্ৰিয় বিজ্ঞানভিত্তিক উপন্যাস—’ছিলিকনৰ বুদ্ধ’।
‘জিলিঙনি’ৰ পাতত ধাৰাবাহিককৈ প্ৰকাশ হোৱাৰ পাছত ২০০৩ চনত জিজ্ঞাস প্ৰকাশনৰপৰা গ্ৰন্থাকাৰে উপন্যাসখন প্ৰকাশ পায়৷
পঢ়ুৱৈৰ মৰমৰ দাবীক আওকাণ কৰিব নোৱাৰি সেইখন উপন্যাসকেই সম্পূৰ্ণ দুটা দশকৰ পাছত এতিয়া সম্পূৰ্ণ সংশোধিত আৰু পৰিবৰ্দ্ধিত ৰূপত আটকধুনীয়া ছপাৰে মণিকূট প্ৰকাশনৰ পৰা যোৱা জানুৱাৰী মাহত প্ৰকাশ কৰি উলিওৱা হৈছে।
নাটকীয় উপাদানেৰে ভৰপূৰ সুষম গদ্যৰ উপন্যাস ‘ছিলিকনৰ বুদ্ধ’ৰ বিষয়বস্তু আছিল মস্তিষ্কত ইলেক্ট্ৰনিক্স চিপৰ সংস্থাপন।
সম্প্ৰতি বহুল চৰ্চিত এক বিষয় কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰাথমিক ধ্যান ধাৰণাক সমল ৰূপে লোৱা উপন্যাসখনৰ কাহিনীয়ে আপোনালোকক আপ্লুত কৰিব বুলি আমি নিশ্চিত।
গ্ৰন্থঃ ছিলিকনৰ বুদ্ধ (উপন্যাস)
দ্বিতীয় প্ৰকাশঃ জানুৱাৰী,২০২৪
লেখকঃ চাকিল জামাল
প্ৰকাশকঃ মণিকূট প্ৰকাশন
মূল্যঃ ২৪০ টকা
পৃষ্ঠাঃ ১৭৬

